অসম-অৰুণাচলৰ সীমা বিষয়ত আলোচনা কৰাৰ অৰ্থে অসম চৰকাৰে গঠন কৰি দিয়া শীৰ্ষ সমিতিৰ এখন বৈঠক আজি অনুষ্ঠিত হয়। বৈঠকত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও অংশগ্ৰহণ কৰি চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অসম-অৰুণাচল সীমান্ত সন্দৰ্ভত মন্তব্য আগবঢ়ায়।

সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ অধীনত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সভাগৃহত আজি অনুষ্ঠিত হোৱা বৈঠকত অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে গুৰুত্বপূৰ্ণ দিশসমূহৰ ওপৰত বিস্তাৰিত ভাৱে আলোচনা কৰা হয় ।  

উক্ত বৈঠকত অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, মন্ত্ৰী অশোক সিংঘাল, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী ৰণোজ পেগু, সঞ্জয় কিশান, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ, বলিন চেতয়া, মানৱ ডেকা,ৰঞ্জিত দত্তৰ লগতে বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে।