আদিবাসী ছেঙ্গেল (সশক্তিকৰণ) অভিযানৰ ভাৰত বন্ধ কাৰ্যসূচীৰ সময়ছোৱাত ডিব্ৰুগড় জিলাৰ মৰাণৰ তীব্ৰ প্ৰতিবাদ সংগঠনটোৰ । বন্ধ সফল কৰাৰ চেষ্টা সংগঠনটোৰ । বন্ধ সমৰ্থকসকলে মৰাণৰ ট্ৰেফিক তিনিআলিত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে, প্ৰতিবাদৰ সময়ছোৱাত আৰক্ষীৰ সৈতে হতাহতি হয় প্ৰতিবাদকাৰীসকলৰ ।

'আদিবাসী সকলৰ "ছাৰনা ধৰ্ম" কোডৰ মান্যতা প্ৰদান কৰা', 'অসমৰ আদিবাসী সকলক অতি শীঘ্ৰে অনুসূচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা', 'ৰাষ্ট্ৰীয় মান্যতা প্রাপ্ত চান্তালী ভাষাক ঝাৰখণ্ডৰ প্ৰথম ৰাজ্যিক ভাষা হিচাপে মান্যতা প্ৰদান কৰা আদিৰ দাবীত আজি দিনটোত ভাৰত বন্ধৰ আহ্বান জনাইছিল আদিবাসী সংগঠন 'আদিবাসী ছেঙ্গেল (সশক্তিকৰণ) অভিযানে' ।