আজি কেন্দ্ৰ, ৰাজ্য আৰু আলফাৰ মাজত সম্পাদিত হব বহু প্ৰত্যাশিত শান্তি চুক্তি । দিল্লীৰ নৰ্থ ব্লকত হবলগীয়া ত্ৰিপাক্ষিক শান্তি চুক্তিক লৈ বিভিন্ন লোকৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া । প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন আলফা কেডাৰেৰে গঠিত প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে । হব লগীয়া এই এই চুক্তিখনক লৈ কোনো স্পষ্ট ধাৰনা নাই এইসকল কেডাৰৰ । এই সকল কেডাৰৰ সৈতে কোনো আলোচনা অথবা মতামত গ্ৰহন কৰা নাই আলোচনাপন্থী গোটে । এই চুক্তি অসমৰ জনসাধাৰনে বিচৰাধৰনে হোৱাটো কামনা কৰিছে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে । তদুপৰি হবলগীয়া এই চুক্তিখন আখৰে আখৰে ৰূপায়ণ হোৱাৰ দাবী এইসকল কেডাৰৰ । আলফাৰ সংগ্ৰামত প্ৰান আহুতি দিয়া যুৱকৰ পৰিয়ালৰ বাবে আৰু নিৰ্যাতিতৰ পৰিয়ালৰ বাবে অৰ্থ সাহাৰ্য্যৰ বিষয়ো এই শান্তি চুক্তিত থাকিব বুলি আশা প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ ।

উল্লেখযোগ্য যে আজিলৈকে এইসকল প্ৰাক্তন আলফাই চৰকাৰৰ পৰা বৰ্তমানলৈকে কোনো চৰকাৰী সাহাৰ্য লাভ কৰা নাই । কিন্তু প্ৰাক্তন আলফাৰ এটা গোটে চৰকাৰী সা-সুবিধা লৈ বিলাসী জীৱন-যাপন কৰি থকা বুলি মন্তব্য প্ৰদান কৰিছে প্ৰাক্তন আলফা সুৰেন ফুকন ওৰফে এছপি, প্ৰাক্তন আলফা পোনা গগৈ ওৰফে বিজয়, প্ৰাক্তন আলফা প্ৰশান্ত ডেকা বৰুৱা ওৰফে জান আৰু প্ৰাক্তন আলফা টুনটুন কুৰ্মীয়ে।