ৰহা সমষ্টিৰ অন্তৰ্গত তথা জাগীয়াল পঞ্চায়তৰ অন্তৰ্গত দীঘলদৰি হাতিমুৰাত প্ৰায় ১৫০-২০০বন্যহস্তীৰ জাকে উপদ্ৰব চলাই ঘৰ দ্বাৰ ভঙী ছিঙি লণ্ড ভণ্ড কৰাৰ লগতে ধান আৰু সৰিয়হৰ খেতি নষ্ট কৰি ৰাইজৰ বহু ক্ষতিগ্ৰস্ত কৰে।
লগতে যোবা ১৮ ডিচেম্বৰত বিজেপি অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক ড° অসীম কুমাৰ দাস ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত উপস্থিত হৈ ৰাইজৰ লগত কথা পাতি দুখ দূৰ্দশাৰ বুজ লোবাৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজক আৰ্থিক সাহাৰ্য্য ৰ লগতে টোৰ্চ লাইট আৰু হাতি খেদিবলৈ ফটকা প্ৰদান কৰে।
ড° অসীম কুমাৰ দাসৰ লগতে অসম প্ৰদেশ অ বি চি মোৰ্চাৰ ৰাজ্যিক মিডিয়া আহ্বায়ক নমিতা বৰা,সমাজসেৱী ড° পীয়ুষ অঞ্জনা কাছ্যপ,গাঁও প্ৰধান ৰুপম নাথ সহ জয়ন্ত দাস,হেমন্ত ৰয়,দিব্য কাছ্যপ উপস্থিত থাকে।