বাৰহপূজীয়াত দেওবাৰে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন হৈ যায়।

              ৰহা সমীপবৰ্তী বাৰহপূজীয়া মজলীয়া বিদ্যালয়ত শনিবাৰে গুৱাহাটী লায়ন্স আই হস্পিটেল ৰ সৌজন্যত আৰু বাৰহপূজীয়া স্পোৰ্টছ একাডেমী ৰ সহযোগত এদিনীয়া বিনামূলীয়া চকু পৰীক্ষা শিবিৰ ও চকু চানি পৰা ৰোগীৰ অনুষ্ঠিত হয়।

   শিবিৰত প্ৰায় শতাধিক পুৰুষ মহিলাৰ চকু পৰীক্ষা কৰি পৰামৰ্শ দিয়াৰ লগতে ৫১জন ৰোগীৰ বিনামূলীয়াকে চকু অস্ত্ৰপ্ৰচাৰ বাবে অহা ২০২৪বৰ্ষৰ ৪ আৰু ৯জানুবাৰীত গুবাহাটি লায়ন্স আই হস্পিটেলত অস্ত্ৰপ্ৰচাৰ কৰা হব বুলি উদ্যোগতা সকলে জানিব দিয়ে।

     বাৰহপূজীয়া স্পোৰ্টছ একাডেমী ৰ সম্পাদক সোধন্য কুমাৰ সেনাপতিয়ে আঁত ধৰা শিবিৰত জ্যেষ্ঠ চকু পৰামৰ্শদাতা স্বাধীন বৰদলৈ,অপটেমেট্ৰিষ্ট কামপুৰ এফ আৰ ইয়ু ৰুপানন্দ নাথ,নগাঁও জিলা হেন্ডবল সন্থাৰ সভাপতি গোবিন্দ ডেকাৰজা,উপদেষ্টা কবিতা দেবী,দুলেন চন্দ্ৰ দেউৰী,সহ সম্পাদক ৰেহীন বাংঠাই সহ বাৰহপূজীয়া স্পোৰ্টছ একাডেমী আৰু নগাঁও জিলা হেন্ডবল সন্থাৰ প্ৰতিনিধি উপস্থিত থাকে।