বাৰহপূজীয়া পাঁচোৰজা সমন্বয় ক্ষেত্ৰত বাৰহপূজীয়া শতদল সাহিত্য সভাৰ উদ্যোগত অহা ৩১জানুবাৰী ৰ পৰা চাৰি দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হব লগা অসম সাহিত্য সভাৰ বাৰহপূজীয়া একাদশ বিশেষ বাৰ্ষিক অধিবেশনৰ আজি লাইখুঁটা স্থাপন কৰা হয়।

এই উপলক্ষে আজি দিনৰ ১১বজাত পাঁচোৰজা সমন্বয় ক্ষেত্ৰত মাংগলিক ৰীতি নিয়মেৰে একাদশ বিশেষ বাৰ্ষিক অধিবেশন ৰ লাইখুঁটা মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৰেন্দ্ৰ নাথ কেওঁটে কৰাৰ লগতে সমস্ত ক্ষেত্ৰ মহিলা সকলৰ দ্বাৰা পৰিবেশন কৰা সাহিত্য সভা আদৰনি শীৰ্ষ গীত (কোৰাচ)আৰু খোল তালেৰে মুখৰিত হৈ পৰে।

     লাইখুঁটা স্থাপন ৰ লগতে অধিবেশন শীৰ্ষ গীত উন্মোচন কৰে মৰিগাঁও জিলা আয়ুক্ত দেবাশিষ শৰ্মাই।

             চাৰি দিনীয়া অধিবেশন সূচাৰু পৰিচালনা ৰ বাবে হেমন্ত কুমাৰ দেওৰীক সভাপতি, ড° বিৰিঞ্চি কুমাৰ শৰ্মাক কাৰ্য্যকৰী সভাপতি আৰু ড° প্ৰদীপ কুমাৰ ডেকাক সম্পাদক হিচাপে লৈ এখনি আদৰনি সমিতিৰ লগতে বিভিন্ন বিভাগৰ উপ সমিতি গঠন কৰা হৈছে।

    লাইখুঁটা স্থাপন সমাৰোহত মৰিগাঁও জিলা আৰক্ষী অধিক্ষক হেমন্ত কুমাৰ দাস,অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰ জিৎ শৰ্মা, তিবা স্বায়ত্ব পৰিষদ ৰ মুখ্য কাৰ্য্যবাহী সদস্য জীবন চন্দ্ৰ কোঁৱৰ, তিবা মাখনলাই তখ্ৰাৰ প্ৰধান সম্পাদক ড° বিদ্যুৎ বিকাশ সেনাপতি,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সম্পাদক বাবুল বৰা,অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পদুম ৰাজখোৱা, ৰহা দশম বিশেষ বাৰ্ষিক অধিবেশন সম্পাদিকা বিন লস্কৰ ঠাকুৰিয়া সহ অসম সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া, বাৰহপূজীয়া একাদশ বিশেষ বাৰ্ষিক অধিবেশন আদৰনি সমিতি,উপ সমিতি সমূহৰ বিষয় ববীয়া, সদস্য সদস্যা, ৰহা সাহিত্য সভাৰ ৰ লগতে  মৰিগাঁও, নগাঁও,হোজাই জিলা সাহিত্য সভাৰ প্ৰতিনিধি,সদস্য সদস্যা সহ বিভিন্ন দল সংগঠন,অনুষ্ঠান, প্ৰতিষ্ঠান ৰ প্ৰতিনিধি, গনমান্য ব্যক্তি আৰু শতাধিক সাহিত্য প্ৰেমী ৰাইজ উপস্থিত থাকে।