মঙ্গলবাৰে অসম জাতীয়তা বাদী যুৱ ছাত্ৰপৰিষদৰ চৰাইদেউ জিলাৰ অন্তৰ্গত মৰাণ আঞ্চলিক সমিতিৰ কাৰ্য্যালয়ৰ শ্বহীদ স্তম্ভত কা আন্দোলনৰ পঞ্চশ্বহীদলৈ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰাহয়।এই অনুষ্ঠানত অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ সমিতিৰ উপ সভাপতি পল্লৱ শৰ্মা, টাইপাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিপন ফুকন, আহোম জাতীয় গণ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অকণ ভূঞা, চুতীয়া জাতি সন্মিলনিৰ কেন্দ্ৰীয় সমিতিৰ সাংগাঠনিক সম্পাদক মনোজ চুতীয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিশ্বজিত লাহনৰ লগতে বিভিন্ন দল সংগঠনৰ নেত্ৰীবৃন্দ উপস্থিত থাকি পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জ লী জ্ঞাপন কৰে।