আজি শ্বহীদ দিৱস, সমগ্ৰ ৰাজ্যৰ লগতে ৰহাতো শ্বহীদ দিৱস পালন।

     সদৌ অসম ছাত্ৰ সন্থা ৰ ৰহা আঞ্চলিক সমিতিৰ উদ্যোগত আজি বিয়লী ৫বজাত ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ স্থিত শ্বহীদ বেদি ৰ সন্মুখত দেশ ৰক্ষাৰ হেতু প্ৰান আহুতি দিয়া বীৰ শ্বহীদ সকলৰ স্মৃতিত নগাঁও জিলা ছাত্ৰ সন্থা ৰ উপদেষ্টা মৃদুল হাজৰিকা, ৰহা আঞ্চলিক টাই আহোম ছাত্ৰ সন্থা ৰ সভাপতি ৰুপক চন্দ্ৰ বৰা আৰু সাংবাদিক চয়েল খেতানে বন্তি প্ৰজ্বলন কৰাৰ লগতে উপস্থিত ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি, সম্পাদক ভাৰত বৰুৱা সহ ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ  সদস্য সকলে বীৰ শ্বহীদ সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে।