সাৱধান..শিৱসাগৰত এতিয়া য’তে ত’তে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিব নোৱাৰিব ৷ উল্লেখ যে,ঐতিহাসিক শিৱসাগৰ জিলাখনত বিভিন্ন দল-সংগঠনে ৰাজহুৱা স্থানত বিক্ষোভ প্ৰদৰ্শন কৰাৰ ফলত সৃষ্টি হোৱা যান-যঁটৰ প্ৰতি বিশেষ লক্ষ্য ৰাখি আৰু এইক্ষেত্ৰত জনসাধাৰণক সকাহ প্ৰদান কৰিবলৈ শিৱসাগৰ জিলা প্ৰশাসনে এক আদেশ যোগে শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ সমীপৰ টাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ খেলপথাৰখনক দল-সংগঠনসমূহৰ বিক্ষোভ প্ৰদৰ্শনৰ বাবে নিৰ্দ্ধাৰিত স্থান হিচাপে ঘোষণা কৰিছে ৷ আনহাতে জাতীয় দল-সংগঠনবোৰে প্ৰশাসনৰ এই সিদ্ধান্তক কেনেদৰে গ্ৰহণ কৰে সেইয়া আগন্তুক সময়ত লক্ষণীয় হ’ব ৷৷
শিৱসাগৰত বিক্ষোভ প্ৰদৰ্শনৰ বাবে জিলা প্ৰশাসনৰ নিৰ্দ্ধাৰিত স্থান টাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ খেলপথাৰ
![](https://storage.googleapis.com/nerity.com/uploads/updates/photos/2023/12/nerity_4ebabd3b136b2e4a94fcf57a8ff4cbf3.jpg)