কলকাতা, ১০ আগষ্ট। পশ্চিম বংগৰ বিদ্যমান ৰাজনৈতিক পৰিস্থিতি আৰু আইন-শৃংখলাৰ অৱনতি সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক গোটে নৱনিযুক্ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ এখন পত্ৰ লিখিছে। দলটোৱে বংগত হস্তক্ষেপ বিচাৰি পত্ৰখন লিখিছে। ৰাজ্যিক বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে তেওঁৰ পত্ৰত লিখিছে যে পশ্চিম বংগত চৰকাৰীভাৱে দুৰ্নীতিৰ যি অৱস্থা, তাক প্ৰত্যক্ষ কৰিলে ইজনৰ পিছত সিজন মন্ত্ৰী কাৰাগাৰলৈ যাব নিচিনা অনুভৱ হয়।
ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰ দৰে পৰিস্থিতি হোৱাৰ আশংকা কৰি হস্তক্ষেপ বিচাৰিছে। পত্ৰখনত প্ৰদেশ বিজেপি সভাপতিজনে বহু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে।
পত্ৰখনত তেওঁ লিখিছিল যে ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ নেতা পাৰ্থ চেটাৰ্জীক শিক্ষক নিযুক্তি দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁৰ ঘনিষ্ঠ এগৰাকী মহিলাৰ পৰা কোটি কোটি টকা উদ্ধাৰ কৰা হৈছে। কয়লা আৰু গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ চমন স্বত্বেও, অনুব্ৰত মণ্ডল উপস্থিত হোৱা নাই। ইয়াৰ উপৰিও, মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জী, পৰেশ অধিকাৰী, শৌকত মোল্লাৰ দৰে তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল চিবিআইৰ ৰাডাৰত আছে। তেওঁ তেওঁৰ পত্ৰত লিখিছিল যে কলিকতা উচ্চ ন্যায়ালয়ে ১৯ জন শীৰ্ষ নেতা আৰু মন্ত্ৰীৰ সম্পত্তিৰ তদন্ত কৰিবলৈ ইডিক ইংগিত দিছে। শিক্ষাৰ দুৰ্নীতিৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজেই ৰাজ্যখনৰ সকলো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হ'বলৈ এখন বিধেয়ক গৃহীত কৰিছে। এনে পৰিস্থিতি বিষমজনক আৰু ৰাষ্ট্ৰপতিয়ে এই বিষয়ত হস্তক্ষেপ কৰা উচিত।