খুমটাইৰ এগৰাকী কণমানিয়ে মাকক সুস্থ কৰি তুলিবলৈ কান্দি কান্দিয়েই মুখ্যমন্ত্ৰীক জনাইছে কাতৰ আহ্বান ৷ জটিল ৰোগত আক্ৰান্ত হৈ দিশহাৰা হোৱা এটা পৰিয়ালৰ কাহিনী । ঘৰৰ চালেৰে আকাশ দেখি । দুবেলা দুমুঠিৰ হাহাকাৰ। তাৰ পিছতো লগ নেৰিলে দুৰ্ভাগ্যই । ঘৰৰ মহিলা গৰাকীৰ জটিল ৰোগত আক্ৰান্ত হৈ দুয়োটা কিডনি হ'ল বিকল । শয্যাশায়ী এইগৰাকী মহিলা খুমটাইৰ বেতিয়নী কাকতি গাৱঁৰ লাকীমণি বৰা ৷ দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হোৱাৰ বাবে স্বামীয়ে পৈত্তিক সম্পত্তি হিছাপে থকা মাটি-বাৰী,গৰু-ছাগলী সকলো বিক্ৰী কৰি সৰ্বস্ৰ উজাৰি কৰিছে চিকিৎসা ।

কিন্তু বৰ্তমান সকলো শেষ হোৱাত চিকিৎসা কৰিবলৈ অপাৰগ পৰিয়ালটো ৷ উন্নত চিকিৎসাৰ বাবে যাব লাগে বহিঃৰাজ্যৰ চিকিৎসালয়লৈ। নাই হাতত ফুটাকড়ি এটাও । খুমটাইৰ বেতিয়নী কাকতি গাঁৱৰ এই পৰিয়ালটোৰ মূৰৰ ওপৰত খহি পৰিছে সৰগ । অসুখীয়া পত্নী দুয়োটা কিডনি বিকল হৈ পৰি আছে বিছনাত । একমাত্ৰ কন্যা সন্তানটি যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা যাব পৰা বিদ্যালয়লৈ । অতি দৰিদ্ৰ পৰিয়ালটি বৰ্তমান হৈ পৰিছে দিশহাৰা । স্বামীৰ আহ্বান, সহায় কৰক মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰী তথা হৃদয়বান লোকে । কনমাণিজনীয়েও কান্দি কান্দি বখানিছে দুখৰ বিলৈ । মাকক সুস্থ কৰিবলৈ কান্দি কান্দিয়েই হিমন্ত মামাক জনাইছে কাতৰ আহ্বান ৷ সমগ্ৰ ঘৰখনতে এতিয়া কান্দোনৰ ৰোল । দুৰ্ভগীয়া পৰিয়ালটিৰ কাষত কিঞ্চিত সহায় আগবঢ়াই থিয় দিছে গাঁওবাসী ।

ৰজাঘৰ তথা হৃদয়বান লোকক এধানিমান সহায়ৰ হাত আগবঢ়াবলৈ কৰিছে আহ্বান । পৰিয়ালটোৰ যোগাযোগ নম্বৰ 9387690980 ৷ হৃদয়বান লোকে দুৰ্ভগীয়া পৰিয়ালটিক সহায় কৰিব বিচাৰিলে পঞ্জাৱ নেছনেল বেংকৰ কঠালগুৰি শাখাত থকা লাকীমনি বৰাৰ 1478001700052104 নম্বৰৰ একাউন্টত (IFSC PUNB0147800 ) আৰ্থিক সহায় আগবঢ়াব পাৰিব