নতুন দিল্লী, ১০ আগষ্ট। লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ ৰাধা কৃষ্ণ মাথুৰে বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতিৰ সচিবালয়ে বৈঠকৰ এখন ফটো শ্বেয়াৰ কৰাৰ সময়ত এই তথ্য টুইট কৰি জনায়।

আন এক টুইটত ৰাষ্ট্ৰপতিৰ সচিবালয়ে কয় যে ৰে'ল, কয়লা আৰু খনি ৰাজ্যিক মন্ত্ৰী ৰাওচাহেব পাটিল দানৱে বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।