অসম কৃষি বিশ্ববিদ্যালয় অধীনস্থ ৰহা মীন মহাবিদ্যালয় ত অহা ২০ নবেম্বৰ ৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে বিশ্ব মীন দিৱস উদযাপন ৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

    ২০নবেম্বৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হব লগা মীন দিৱস ৰ বিষয়ে অবগত কৰাৰ উদ্দেশ্য আজি দিনৰ ২বজাত ৰহা মীন মহাবিদ্যালয় ৰ প্ৰেক্ষাগৃহ ত মীন মহাবিদ্যালয় কৰ্তৃপক্ষয়ে  আয়োজন কৰে সংবাদ মেলৰ।

    সংবাদ মেলত ৰহা মীন মহাবিদ্যালয় ৰ ডীন ড° আয়ুব আলি আৰু Associate professor ড° ৰাজদ্বীপ দত্তয়ে সংবাদ মেল সম্বোধন কৰি মীন দিৱস উপলক্ষে অনুষ্ঠিত হব কাৰ্য্যসূচীৰ বিষয়ে অবগত কৰি কয় যে ৰহা মীন মহাবিদ্যালয় আৰু মীন ক্ষেত্ৰত অগ্ৰণী এন জি অ কলং কপিলী ৰ যুটীয়া উদ্যোগত ২০ নবেম্বৰ ৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হব লগা বিশ্ব মীন দিৱস প্ৰথম দিনা দেশৰ মীন খণ্ডৰ যোৱা ৯ বছৰৰ বিভিন্ন সফলতাৰ খতিয়ান হিচাপে ৰাষ্ট্ৰীয় মীন পৰিষদ,ভাৰত চৰকাৰৰ সহযোগত দিনযোৰা মৎস্য সম্পদা জাগৰন অভিযান কৰাৰ লগতে মীন দিৱস উপলক্ষে মৎস্য মেলা, মৎস্য ব্যঞ্জন প্ৰতিযোগিতা অনুষ্ঠিত হোবাৰ লগতে মীন পালক আৰু বৈজ্ঞানিক ৰ মাজত মত বিনিময়, তথ্য চিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে মৎস্য ব্যঞ্জন প্ৰতিযোগিতা ৰ বিচাৰক ৰূপে উপস্থিত থাকিব মাষ্টাৰ চেফ ২০২৩ নয়নজ্যোতি শইকিয়া উপস্থিত থাকিব।

   লগতে সংবাদ মেলত জানিব দিয়ে যে দুদিনীয়া মীন দিৱস ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১০০০মীন পালক অংশ গ্ৰহণ কৰাৰ লগতে মীন মহাবিদ্যালয় কৰ্তৃপক্ষয়ে মীন দিৱস ত অংশ গ্ৰহণ কৰিবলৈ ইচ্ছুক মীন পালক সকলে ৭০৮৬৮৪৪০১৬ আৰু ৮৪৭২৮৬৭৬৬০ মোবাইল নং ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

সংবাদ মেলত ৰহা মীন মহাবিদ্যালয় ৰ Associate professor ড° পবিত্ৰ কুমাৰ চহৰীয়া,Assistant professor ড° অৰ্নব নাৰায়ণ পটবাৰী সহ মীন মহাবিদ্যালয় ৰ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।