চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ চেপন পঞ্চায়তৰ অন্তৰ্গত ডোমৰ দলং চাহ বাগিচাত মঙ্গলবাৰে আদৰ্শ উচ্চমাধ্যমিক বিদ্যালয়ৰ আধাৰ শিলা স্থাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে। এই আধাৰ শিলা স্থাফনত মন্ত্ৰীজনৰ লগতে মাহমৰা খণ্ড উন্নয়ণ বিষয়া উৎপল গগৈ, মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি হৰেণ গগৈ , ডোমৰদলং চাহ বাগিচাৰ কতৃপক্ষ আৰু বহু সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।