সাংস্কৃতিক পৰিক্ৰমা বিভাগ,অসম চৰকাৰৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত লুকাই থকা প্ৰতিভা সমূহ উলিয়াই অনাৰ উদ্দেশ্য আৰম্ভ কৰা সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ ৰ অধিনত আজি ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৬টা পঞ্চায়তত গীত নৃত্য ৰ প্ৰতিযোগিতা অনুষ্ঠিত হোবাৰ সমান্তৰালকৈ ৰহা মহেন্দ্ৰ হাজৰিকা ভবনত ৰহা পৌৰসভাৰ সৌজন্যত পৌৰসভা পৰ্যায়ৰ প্ৰতিযোগিতাৰ ৰহা পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া পলাশ বৰাই উদ্বোধন আৰু অকনিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক শিশুপ্ৰিয় অবনী কুমাৰ শইকিয়াই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ প্ৰতিযোগিতাত ৩৬১গৰাকী প্ৰতিযোগি অংশ গ্ৰহণ কৰি গীত নৃত্য পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।প্ৰতিযোগিতাৰ বিচাৰক ৰূপে বিমান গাঁওখোবা,প্ৰনিতি বৰদলৈ আৰু যুতিকা পাতৰ উপস্থিত থাকে।

     প্ৰতিযোগিতাত ৰহা পৌৰসভা ৰ পৌৰপতি বন্তি হাজৰিকা,ৰহা নগৰ সমিতিৰ প্ৰাক্তন চেয়াৰমেন মনজ্যোতি বৰা,ৰহা পৌৰসভাৰ দহ টা বাৰ্ডৰ বাৰ্ড কমিচনাৰ সকলৰ লগতে প্ৰতিযোগি সহ গনমান্য ব্যক্তি সকল উপস্থিত থাকে।