১৯৯৪ চনৰ ১জানুবাৰীত স্থাপিত তথা ২৯বৰ্ষত পদাৰ্পন কৰা শিশু সকলৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে গঠিত শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শাখা সমিতি গঠন কৰি শিশু সকলৰ সৰ্বাংগীন বিকাশ সাধনৰ লগতে প্ৰাকৃতিক সুৰক্ষা ৰ বাবে কাম কৰি অহাৰ সমান্তৰালকে আজি জোঙালবলহু শাখা সমিতি কবিতা ঘৰৰ লগত সংযোজন গৈছে।
এই উপলক্ষে আজি বিয়লী ৪বজাত জোঙালবলহু ত কবিতা ঘৰ ৰ উপদেষ্টা প্ৰফুল্ল সেনাপতি ৰ সভাপতিত্বত আৰু সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভুঞা ৰ উদ্দেশ্য ব্যাখ্যাৰে এখন সমিতি গঠন সভা অনুষ্ঠিত হয়।
অকনিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক শিশুপ্ৰিয় অবণী কুমাৰ শইকীয়া,প্ৰধান সম্পাদক ৰন্টু মুদৈ, প্ৰচাৰ সম্পাদক চয়েল খেতান আৰু সাংস্কৃতিক সম্পাদক জয়ন্ত কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত হোবা সভাত সৰ্বসম্মতিত সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভুঞাক পৰিচালিকা,দ্বিপ্তী সেনাপতিক অধ্যক্ষা লক্ষীকান্ত ডেকাৰজাক উপ সভাপতি, দ্বীপ জ্যোতি দাসক সম্পাদক,জগদীশ আহমেদ,জনতা কোঁৱৰক সহ সম্পাদক, প্ৰফুল্ল সেনাপতি, প্ৰসন্ন ভূঞা,ৰীনা বায়ন,খৰ্গেশ্বৰ পাতৰ আৰু আকবৰ আলীক উপদেষ্টা হিচাপে লৈ অকনিৰ কবিতা ঘৰ ৰ জোঙালবলহু শাখা সমিতি গঠন কৰা হল।
সমিতি গঠন সভাত কবিতা ঘৰ বগৰিগুৰী শাখা সমিতিৰ পৰিচালিকা ইৰু তামুলী সহ কবিতা ঘৰ ৰ শুভকাংশী,স্থানীয় পুৰুষ মহিলা, যুৱক যুবতী আৰু গনমান্য ব্যক্তি উপস্থিত থাকি জোঙালবলহু শাখা সমিতি গঠন হোবাত সন্তুষ্টি প্ৰকাশ কৰি কয় যে গ্ৰাম্য অঞ্চলৰ প্ৰতিভা সমূহ জাগ্ৰত কৰাত সহায়ক হব।
লগতে অহা ২১ নবেম্বৰ ৰ পৰা জোঙালবলহু শাখা সমিতিত চিত্ৰকলাৰ পাঠদান আৰম্ভ হব বুলি সভাত সিদ্ধান্ত গ্ৰহন কৰা হয়।