ইটাভাটাই তীব্ৰ ভাবুকি আনিছে জন জীৱনলৈ । ব্যাপক হাৰত চলিব ধৰিছে অবৈধ ইটাভাটাসমূহ । 

মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত চেপন, খাগৰিজান, টেটুনবাৰী, ঝলং, ৰঙাগড়া কচুমাৰি ইত্যাদি অঞ্চলত বৰ্তমান পঞ্চাশ (৫০) তকৈয়ো অধিক ইটাভাটা আছে যদিও ইয়াৰে ভিতৰত বহু ইটাভাটা চৰকাৰী নথিপত্ৰবিহীনভাৱে চলি আছে । এই ইটাভাটাসমূহৰ আলম লৈ খেতি পথাৰকে ধৰি বিভিন্ন ঠাইত চলিছে অবৈধ ভাৱে মাটি খনন । ফলত বহু অঞ্চলত বৃহৎ বৃহৎ পুখুৰী সদৃশ গাত সৃষ্টি হৈছে । বাৰিষা মৰণফান্দলৈ পৰিণত হয় এই গাতসমূহ । ইতিমধ্যে বহু পহুধনৰ লগতে মানুহ মৃত্যু মুখত পৰিবলগীয়া হৈছে । সেয়েহে এই অবৈধ ইটাভাটা আৰু অবৈধ মাটি খনন বন্ধ কৰাৰ দাবী জনাইছে মৰাণৰ স্থানীয় দল-সংগঠনে । ইতিমধ্যে এই সন্দৰ্ভত মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) মৰাণ আঞ্চলিক সমিতিয়ে । শীঘ্ৰে অবৈধ ইটাভাটা সমূহ বন্ধ কৰাৰ লগতে অবৈধ খনন কাৰ্য বন্ধ নকৰিলে তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ।