মঙলদৈ, ৩০ অক্টোবৰ: দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আজি জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ সভা অনুষ্ঠিত হয়। এই সভাত জলসম্পদ, লোকনিৰ্মান স্বাস্থ্য, কৃষি, শিক্ষা, শ্ৰম, ক্ৰীড়া আদি বিভাগসমূহত ৰূপায়িত হৈ থকা আঁচনি তথা উন্নয়নমূলক কাম-কাজৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। সভাত জিলা আয়ুক্তগৰাকীয়ে কয় যে খৰালিকাল ৰাজ্যখনত বিভিন্ন নিৰ্মাণকাৰ্যৰ বাবে উপযোগী সময় । এই সময়তে জিলাখনৰ বিভিন্ন বিভাগৰ অধীনৰ নিৰ্মাণ কাৰ্যসমূহ খৰতকীয়াকৈ আগবঢ়োৱা তথা সম্পূৰ্ণ কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে । 

    আজিৰ সভাত জিলা আয়ুক্তগৰাকীয়ে কয় যে কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰৰ ব্যৱহাৰ বৃদ্ধি কৰা প্ৰয়োজন। তেওঁ সৰিয়হ উৎপাদনকাৰী কৃষকৰ লগতে সৰিয়হতলীৰ নিকটৱৰ্তী কৃষকৰ মাজতো মৌ পালনৰ বিষয়ে সজাগতা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । জিলাৰ কৃষি বিষয়াগৰাকীয়ে পাৱাৰপইন্ট প্ৰেজেনটেশ্বনৰ জৰিয়তে ৰাসায়নিক সাৰৰ বিকল্প হিচাপে জৈৱিক সাৰৰ ব্যৱহাৰ, মৌ পালন আদিৰ বিষয়ে সজাগতা সৃষ্টি আৰু কৃষকক সহায়ৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে অৱগত কৰে ।আজিৰ সভাত শিক্ষা ,স্বাস্থ্য, জলসম্পদ, শ্ৰম, মীন, হস্তঁতাত আৰু বস্ত্ৰশিল্প আদি বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা আঁচনি আৰু প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয় । জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে পাৱাৰপইন্ট প্ৰেজেনটেশ্বনৰ জৰিয়তে তেওঁলোকৰ বিভাগসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। 

       সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস, জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাৰ লগতে অতিৰিক্ত আয়ুক্ত আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।