ছিপাঝাৰত বিজেপি যুৱ মৰ্চাৰ ত্ৰিৰংগা যাত্ৰা।
ত্ৰিৰংগা জোকাৰি বাইক ৰেলী উন্মোচন বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ।
দেশৰ স্বাধীনতাৰ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আয়োজন কৰা হয় এই ত্ৰিৰংগা যাত্ৰাৰ।
ছিপাঝাৰ আৰু পাথৰিঘাট মণ্ডল বিজেপিৰ যুৱ কাৰ্যকৰ্তাসকলে ভাগ লয় এই বাইক ৰেলীত।
স্থানীয় খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা ত্ৰিৰংগা যাত্ৰাৰ বাইক ৰেলী লাউজান হৈ দেওমৰনৈত সমাপ্ত হয়।
বাইক ৰেলীৰ আগতে হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ন কৰে মন্ত্ৰীগৰাকীয়ে।
ছিপাঝাৰৰ একাংশ সূলভ মূল্যৰ এজেন্ট আৰু গ্ৰাহকৰ মাজত জাতীয় পতাকা বিতৰণ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
লগত উপস্থিত থাকে ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, দৰঙৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা আৰু দৰঙৰ কেবাগৰাকীও প্ৰশাসনীয় মুৰব্বী।