১৪অক্টোবৰ ১৮৬৪ত ৰহাৰ সমীপবৰ্তী বৰ আহঁতগুৰি ত জন্ম লাভ কৰা সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ৰ আজি ১৫৯সংখ্যক ওপজা দিনত সকলোব্ শ্ৰদ্ধাৰে স্মৰণ কৰাৰ সমান্তৰালকৈ ১৯৯৪চনত স্থাপিত ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহাৰ আহঁতগুৰি শাখাৰ ৰ উদ্যোগত আজি বৰ আহঁতগুৰি ত ওপজা দিনত সাহিত্যিক গৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে কন কন শিশু সকলৰ মাজত চিত্ৰকলা,কবিতা আবৃতী প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে কন কন কন শিশু সকলে কবিতা আবৃতী, বক্তৃতা প্ৰদান কৰাৰ লগতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৰ চিত্ৰ অংকন কৰি সকলোকে আপ্লুত কৰে।

    এই উপলক্ষে অকনিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক শিশুপ্ৰিয় অবনী কুমাৰ শইকীয়া সহ অবিভাবক, অবিভাবিকা আৰু কন কন শিশু সকল উপস্থিত থাকে।