৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমৰ গৃহৰক্ষী জোৱানলৈ ভাল খবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে গৃহৰক্ষী জোৱানৰ মাহিলি দৰমহা বৃদ্ধি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।

৯ হাজাৰ টকাৰ পৰিৱৰ্তে মাহিলি ভাট্টা ২৩ হাজাৰ টকা কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। 

উচ্চতম ন্যায়ালয়ৰ ৰায় অনুযায়ী এই নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৩ মাহৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰাৰো নিৰ্দেশ প্ৰদান কৰা হৈছে।  

ৰাজ্যত বৰ্তমান ২৪৬৯৬ গৰাকী গৃহৰক্ষী জোৱান আছে। এই জোৱান সকল ৰাজ্যৰ বিভিন্ন থানাসমূহত কৰ্মৰত হৈ আছে।