সোণাৰিত স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ।
সোণাৰিৰ স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ প্ৰতিক্ৰিয়া।নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত সকলো দোষীক শাস্তি প্ৰদানৰ আহ্বান সোণাৰি সমষ্টিৰ বিধায়ক গৰাকীৰ।
চৰাইদেউ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ৰ মুখ্য গাণনিক বিষয়া অমৃত গগৈৰ গ্ৰেপ্তাৰ আৰু স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰীয়ে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে।অমৃত গগৈৰ গ্ৰেপ্তাৰৰ পাছতেই নিতৌ উক্ত নিযুক্তি কেলেংকাৰীৰে জড়িত ন ন তথ্য পোহৰলৈ আহিছে।জড়িত হৈ পৰিছে বিভিন্নজনৰ নাম।সমগ্ৰ নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।বিধায়ক গৰাকীয়ে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া নিকা আৰু দোষীক উচিত শাস্তি বিহিবলৈ আহ্বান জনায় আৰক্ষী তথা প্ৰশাসনক।লগতে হিমন্ত বিশ্ব শৰ্মা শাসন কালতে দুৰ্নীতি বিৰোধী অভিযান অধিক সক্ৰিয় হব বুলি জনসাধাৰণক আশ্বাস প্ৰদান কৰে।