শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ উদ্দেশ্য ১৯৯৪বৰ্ষৰ জানুবাৰীত স্থাপিত ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ অসম, কেন্দ্ৰীয় সমিতি ৰহাৰ ৩০ তম্ প্ৰতিষ্ঠা দিৱস অকনিৰ মিলন মেলা ২০২৪ আয়োজনকলৈ আজি অনুষ্ঠিত হৈ সাধাৰণ সভা আৰু আদৰণি সমিতি গঠন কৰা হয়।

      ৰহা মজলিয়া বিদ্যালয় ত আজি দিনৰ ১০বজাত কবিতা ঘৰ ৰ উপদেষ্টা কমল চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত আৰু প্ৰধান সম্পাদক ৰন্টু মুদৈ ৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত সভাত সৰ্ব প্ৰথমে ৰহা বিশিষ্ট শিক্ষাবীদ,স্বপ্নদ্ৰষ্টা তথা কবিতা ঘৰৰ মুখ্য উপদেষ্টা প্ৰয়াত হিৰন্যনাৰায়ন বৰাৰ স্মৃতিত এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ পাছত আগন্তুক অনুষ্ঠিত হব লগা প্ৰতিষ্ঠা দিৱসকলৈ কবিতা ঘৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান পৰিচালক শিশুপ্ৰিয় অবনী কুমাৰ শইকীয়া, প্ৰধান সম্পাদক ৰন্টু মুদৈ সহ ৰহা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক তথা প্ৰাক্তন শিক্ষক বিনোবা ৰাজবংশী ক সভাপতি,মহেশ্বৰ দাসক কাৰ্য্যকৰি সভাপতি, মাধব চন্দ্ৰ নাথ, প্ৰবোধ কলিতা, হিৰন্য বৰা আৰু তপন কুমাৰ ৰজকক উপ সভাপতি হিচাপে লৈ এখন ৩০তম্ প্ৰতিষ্ঠা দিৱস আদৰণি সমিতি গঠন কৰাৰ লগতে আগন্তুক ১জানুবাৰী ২০২৪ত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰাৰ লগতে ৬আৰু ৭ জানুবাৰীত দুদিনীয়া কাৰ্য্যসূচীৰে ৩০তম্ প্ৰতিষ্ঠা দিৱস,অকনিৰ মিলন মেলা ২০২৪ পালনৰ সিদ্ধান্ত লোবা হৈ আৰু বিভিন্ন বিষয়ত আলোচনা কৰা হয়।

     অনুষ্ঠিত সাধাৰন সভাত প্ৰাক্তন শিক্ষক কৃতি বৰা, কবিতা ঘৰ বগৰিগুৰি শাখাৰ প্ৰধান পৰিচালিকা ইৰু তামুলী, কবিতা ঘৰ, কেন্দ্ৰীয় সমিতি ৰহাৰ সহ সম্পাদক সঞ্জয় কুমাৰ কাকতি, পংকজ কুমাৰ পাৰৈ,ৰিতু দাস,অংশুমান শৰ্মা, সাংস্কৃতিক সম্পাদক ৰিপুঞ্জয় মেধি, প্ৰচাৰ সম্পাদক চয়েল খেতান, সক্ৰিয় সদস্য ৰাজেশ কুমাৰ নন্দী সহ কেন্দ্ৰীয় সমিতিৰ লগতে বিভিন্ন শাখাৰ পৰা অহা প্ৰতিনিধি,সদস্য, সদস্যা,অবিভাবক,অবিভাবিকা,ছাত্ৰ, ছাত্ৰী আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।