১৯৬৪ বৰ্ষত স্থাপিত ৰহা ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান ৰহা মহাবিদ্যালয়ত অহা ১২ আৰু ১৩অক্টোবৰত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ (নাক)দল পৰিদৰ্শন ৰ বাবে উপস্থিত হব।
ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা, ৰহা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী গোটৰ সভাপতি তথা মহাবিদ্যালয় ৰ উপাধ্যক্ষা মনিকা দাস আৰু সম্পাদক মৃদুল হাজৰিকাই জানিব দিয়া মতে অহা ১২ আৰু ১৩ অক্টোবৰত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ (নাক)ৰ দল ৰহা মহাবিদ্যালয় ত উপস্থিত হব।গতিকে নাক দলৰ পৰিদৰ্শন কালত ৰহা মহাবিদ্যালয় ক অধ্যক্ষ ৰ লগতে ৰহা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰিব। সেইহে ১২ অক্টোবৰত দিনৰ ২বজাৰ পৰা নাক দল প্ৰাক্তন শিক্ষাৰ্থী সকলৰ লগত মত বিনিময় কৰিব সেইয়ে সমূহ প্ৰাক্তন শিক্ষাৰ্থী সকলক দিনৰ ১বজাত ৰহা মহাবিদ্যালয়ত উপস্থিত থকাৰ কামনা কৰিছে।উল্লেখযোগ্য যে বৰ্ষ ২০০৪ আৰু ২০১৫ত ৰহা মহাবিদ্যালয়ে ভাল গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছিল।