চৰাইদেউ জিলাৰ মৰাণ জ্যোতিপুৰস্থিত সোনাৰি সংহত শিশু উন্নয়ণ প্ৰকল্পত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শতাধিক অঙ্গনবাড়ী কৰ্মী-সহায়িকাই । বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিবেশ ।

অঙ্গনবাড়ী কৰ্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া, মাননীৰ সলনি মজুৰী দিব নোৱাৰালৈকে কৰ্মী-সহায়িকাক ১০,০০০ টকা মাননী আদায় দিয়া, গ্ৰেচুয়েটি আদায় দিয়া, অৱসৰপ্ৰাপ্ত কৰ্মী-সহায়িকাক এককালীন সাহাৰ্যৰ ধন ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ দাবী ।

আজিৰে পৰা অনিৰ্দিষ্টকাললৈ ৰাজ্যজোৰা সৰ্বাত্মক অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰিছে অঙ্গনবাড়ী কৰ্মী-সহায়িকাসকলে