প্ৰধান শিক্ষকৰ মইমতালিত ক্ষুব্দ অভিভাৱকৰ প্ৰতিবাদ

      বৰদলনি: (ঘিলামৰা)শিক্ষা খণ্ডৰ অন্তৰ্গত চামপৰামুখ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকে এজন ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠদান অব্যাহত ৰাখি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ নিম্নগামী কৰাৰ অভিযোগ তুলিছে চামপৰাৰ একাংশ অভিভাৱকে। শিক্ষকজন কিমান শিক্ষিত থকা লৈও একাংশৰ মাজত চৰ্চ্চা চলিছে৷ মংগলবাৰে চামপৰামুখ প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত স্থানীয় একাংশ ৰাইজে প্ৰধান শিক্ষক তৰুণ নৰহৰ মই মতালিত অতিষ্ঠ হৈ মৌন অৱস্থানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদস্থলীৰ পৰা ৰাইজে কয় যে-"কাগজে কলমে চামপৰামুখ প্ৰাথমিক বিদ্যালয় ৩ জনকৈ শিক্ষক আছে যদিও বাস্তৱত ৰাইজে কেৱল এজন শিক্ষকক দেখা পায় স্কুলত।সেইজনেই হ'ল প্ৰধান শিক্ষক তৰুণ নৰহ।তেওঁ বিদ্যালয়লৈ প্ৰায়ে অনিয়মীয়াকৈ আহে।ইয়াৰ পৰিবৰ্তে ললিত চুংক্ৰাং নামৰ এগৰাকী বয়োজ্যেষ্ঠ লোকক ভাড়াতীয়া শিক্ষকহে দৈনিক 

পাঠদান চলাই গৈছে এই স্কুলখনত।"উল্লেখ্য যে বিদ্যালয়খনৰ বিপৰীতে নিযুক্তিপ্ৰাপ্ত বাকী দুজন শিক্ষকৰ এজনক নাওবৈছা ব্লকত চি,আৰ,চি,চি'ৰ দায়িত্বত,আৰু আনজনক অন্য এখন বিদ্যালয়ত পাঠদানৰ কামত শিক্ষা বিভাগে নিয়োজিত কৰি ৰখাত ৩৩ গৰাকীকৈ শিক্ষাৰ্থী 

থকা স্কুলখনৰ পূৰ্বৰ শৈক্ষিক পৰিৱেশ অৱনতি ঘটিছে।

এই বিদ্যালয়খনৰ বিপৰীতে বেলেগত নিয়োজিত হৈ শিক্ষক দুজনক ঘুৰাই আনিবলৈ প্ৰধান শিক্ষক নৰহে যত্ন কৰাৰ পৰিবৰ্তে

তেওঁ এজন ভাড়াতীয়া শিক্ষকৰ দ্বাৰাহে বিগত 

এটা বছৰ ধৰি বিদ্যালয়খন জোৰা টাপলি মাৰি চলাই আছে বুলিও প্ৰতিবাদী ৰাইজে অভিযোগ কৰে।

তদুপৰি প্ৰধান শিক্ষক তৰুণ নৰহে কোনো অভিভাৱকে বিদ্যালয়ত কেনেদৰে পঢ়ুৱাইছে সেইয়া প্ৰত্যক্ষ কৰিবলৈ গ'লেও অশোভনীয় আচৰণ কৰে।অন্যহাতে তেওঁ প্ৰায়েই সাধাৰণ কথাতে অভিভাৱকৰ সৈতে তৰ্কত লিপ্ত হৈ থানাত এজাহাৰ দি হাৰাশাস্তি কৰে বুলিও প্ৰতিবাদী ৰাইজে অভিযোগ কৰাৰ লগতে এনে এগৰাকী অভিভাৱক ৰাইজৰ সৈতে মিলিব নজনা প্ৰধান শিক্ষকক শীঘ্ৰেই বদলি কৰি অন্য এজন প্ৰধান শিক্ষকক

নিয়োগ কৰি চামপৰামুখ প্ৰাথমিক বিদ্যালয়ৰ পূৰ্বৰ সুস্থিৰ শৈক্ষিক পৰিৱেশ বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে ঢকুৱাখনাৰ মহকুমাধিপতি তথা বৰদলনি(ঘিলামৰা)

শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক।ইফালে একাংশ অভিভাৱক ৰাইজৰ বাবে এক বিশেষ একো কৰিব লাগে সকলো অভিযোগ অস্বীকাৰ কৰিছে প্ৰধান শিক্ষক জনে।