ছিপাঝাৰত ত্ৰিৰংগা পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে।
১৩আগষ্টৰ পৰা ১৫আগষ্টলৈ প্ৰত্যেকজন ব্যক্তিয়ে ঘৰত উৰুৱাব ত্ৰিৰংগা পতাকা।
ছিপাঝাৰ মণ্ডল বিজেপিৰ সহযোগত ছিপাঝাৰ বিজেপি কাৰ্যালয়ৰ কাষত ৰাইজে সহজতে পতাকা ক্ৰয় কৰিব পৰাকৈ মুকলি কৰিলে কেন্দ্ৰটো।
পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰি বিধায়ক পৰমানন্দ ৰাজবংশীয়ে বিক্ৰি কৰে প্ৰথম তিনিখন পতাকা। সকলো জনসাধাৰণকে ১৩-১৫ আগষ্টলৈ ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উৰুৱাবলৈ আহ্বান জনাই বিধায়কগৰাকীয়ে।