ৰহাত সদৌ অসম লেখিকা সমাৰোহ সমিতি নগাঁও জিলা আৰু ৰহা শাখাৰ সতীৰ্থ সন্মিলন এদিনীয়া কাৰ্য্যসূচীৰে সম্পন্ন হৈ আৰু তিনিখন গ্ৰন্থ ৰ উন্মোচন কৰা হয়।

     ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ ৰ বাকৰিত সোমবাৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ৰহা  শাখাৰ সহযোগত অনুষ্ঠিত হোবা সতীৰ্থ সন্মিলন দুপৰিয়া সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী ড° লীলা বৰঠাকুৰৰ প্ৰতিচ্ছবি ৰ সন্মুখত নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা তথা বিশিষ্ট লেখিকা মনোৰমা ভুঞা ই বন্তি প্ৰজ্বলন আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী আভা বৰাৰ দ্বাৰা মাল্যাৰ্পন কৰি শুভাৰম্ভ কৰাৰ পাছত নগাঁও জিলা সমিতিৰ সভানেত্ৰী বীনা শৰ্মা সভাপতিত্বত,ৰহা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী দ্বিপ্তী দেবী শৰ্মাৰ আদৰনী ভাষন আৰু নগাঁও জিলা সমিতিৰ সম্পাদিকা বিজয়া গগৈ ৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হোবা সতীৰ্থ সন্মিলন ত অনুষ্ঠিত বক্তৃতা অনুষ্ঠানত মুখ্য বক্তা ৰুপে ৰহা মহাবিদ্যালয় ৰ অধ্যাপিকা তথা পুষ্পা দেবী জালান পুৰস্কাৰ প্ৰাপ্ত ড° ৰাজশ্ৰী বৰাই বক্তব্য ৰখাৰ পাচত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক মহিম বৰাৰ গ্ৰন্থ "এধানী মাহীৰ হাঁহি"প্ৰৰ্য্যালোচনা ৰ প্ৰথম স্থান প্ৰাপ্ত কংকনা দাদৰা,দ্বিতীয় স্থান প্ৰাপ্ত চেলিমা চুলতানা,শতাব্দী শৰ্মা আৰু ৩য় স্থান প্ৰাপ্ত নয়না দেবীক পুৰস্কৃত কৰা হয়‌।লগতে সতীৰ্থ সন্মিলনত আভা বৰা ৰ গ্ৰন্থ "সময়ৰ সীমনা গৰকী",বিজয়া গগৈৰ "প্ৰজ্ঞাৰ পোহৰত"আৰু নিবেদিতা ভূঞা ৰ "মুখাৰ আঁৰৰ মুখ"গ্ৰন্থ ৰ উন্মোচন কৰে ক্ৰমশ:বিশিষ্ট কবি জীবন নৰহ,বিশিষ্টা লেখিকা বিনুলস্কৰ ঠাকুৰিয়া আৰু মনোৰমা ভুঞাই।

    লগতে ৰহা শাখা লেখিকা সমাৰোহ সমিতিৰ সদস্যা সকলৰ দ্বাৰা "কমলা কুঁৱৰী"নাটক মঞ্চন কৰি সকলোকে আপ্লুত কৰে।

  অনুষ্ঠিত সতীৰ্থ সন্মিলনত নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভাপতি ড° থুনু কলিতা,ৰহা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা স্বৰ্নলতা ভূঞা,ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ ৰ অধক্ষা অনুপ্ৰভা কোঁৱৰ সহ বিভিন্ন  শাখাৰ প্ৰতিনিধি আৰু গনমান্য ব্যক্তি সকল উপস্থিত থাকে।