ঢকুৱাখনা মহকুমাৰ পূব ঢকুৱাখনা মাতমৰা সমবায় সমিতি লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিতকৰণকলৈ উত্তাল পৰিবেশৰ সৃষ্টি হয় পূব ঢকুৱাখনাত । সোমবাৰে শ শ অংশীদাৰৰ সহযোগিতাৰে সাব্যস্ত হয় উত্তাল প্ৰতিবাদ। ৰাজহুৱা বিতৰণ ব্যবস্থাৰ ১হাজাৰ কুইণ্টল চাউল চোৰাং বজাৰত বিক্ৰী কৰি পৰৱৰ্তী সময়ত এখন অবৈধ  সমিতি গঠন কৰাক লৈ ৰাইজ ক্ষুব্ধ হয় আৰু সবল প্ৰতিবাদ সাব্যস্ত কৰে বাৰ্ষিক সভা থলীত। অংশীদাৰী ৰাইজে এই ৰাজনৈতিক প্ৰভাৱ বিশিষ্ট এই সমিতিখন অবৈধ ঘোষণা কৰি সাব্যস্ত কৰে সবল প্ৰতিবাদ । সোমবাৰে দুপৰীয়া পূব ঢকুৱাখনা কে কে ডি মহাবিদ্যালয় চৌহদত অৱস্থিত ই লাইব্ৰেৰীত অনুষ্ঠিত বাৰ্ষিক সভাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বাৰ্ষিক সভা অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে । বেনাৰ আৰু হাতে হাতে প্লে"কাৰ্ডলৈ প্ৰতিবাদী সমদল কৰি অহা অংশীদাৰী ৰাইজ সভাথলীত বলপূৰ্বক প্ৰৱেশ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

অংশীদাৰীৰ সবল প্ৰতিবাদত বাৰ্ষিক সভা বাতিল কৰিবলৈ বাধ্য হল সমবায় সমিতি কৰ্তৃপক্ষ। শ শ ৰাইজৰ উত্তাল প্ৰতিবাদত  আধাতে সভা বাতিল কৰিবলৈ বাধ্য হল কৰ্তৃপক্ষ । অংশীদাৰী ৰাইজৰ দাবী সমবায়খনৰ গ্ৰাহক সকলৰ ১হাজাৰ ২কুইণ্টল ৫০ কেজি চাউল বিতৰণ নকৰি পূৰ্বৰ সমিতিখনে চোৰাং বজাৰত বিক্ৰী কৰিছিল । এই সন্দৰ্ভত গোচৰ চলি আছে ঢকুৱাখনা সদৰ থানাত । পৰৱৰ্তী সময়ত সম্পূৰ্ণ অবৈধ ভাৱে দিলীপ কুটুমক সভাপতি আৰু জয়ন্ত দলেক সচিব হিচাবে লৈ গঠন কৰা আৰু পূৰ্বৰ দুৰ্নীতিগ্ৰস্ত সঞ্চালক মণ্ডলীৰে সমিতিখন অবৈধ আৰু অগণতান্ত্ৰিক ভাবে গঠন কৰা বুলি অভিহিত কৰি সাব্যস্ত কৰা ৰাজহুৱা প্ৰতিবাদত সম্পূৰ্ণ ভাবে অচল হৈ পৰে সভাগৃহ। দুৰ্নীতিগ্ৰস্তৰে গঠিত অবৈধ সমিতিৰ বাৰ্ষিক সাধাৰণ সভা মানি লোৱা নহব, আমাক আমাৰ জুলাই মাহৰ চাউল লাগিবই , নৱ দলে গ বেক , অবৈধ সমবায় সমিতি গ বেক , সমবায়ত গেৰুৱা দলৰ ৰাজনীতি নছলিব আদি শ্লোগান দি ৰাইজে প্ৰতিবাদী সমদল কৰি সভা গৃহত প্ৰৱেশ কৰে আৰু উত্তাল পৰিস্থিতি সৃষ্টি কৰে। সভা অনুষ্ঠিত হৈ থকাৰ সময়তে ক্ষুব্ধ অংশীদাৰী ৰাইজে সমদল কৰি সভাকক্ষত প্ৰৱেশ কৰে আৰক্ষীৰ বেষ্টনী ভঙ্গ কৰি ।সুদীৰ্ঘ সময় ধৰি ৰাইজৰ প্ৰতিবাদত সভাথলী উশৃংখল হোৱাৰ পৰিপ্ৰেক্ষিতত ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা আৰু আৰক্ষী বাহিনী বাৰ্ষিক সভা থলিত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।পৰিস্থিতিলৈ লক্ষ্য ৰাখি সভা স্থগিত কৰাৰ লগতে সভাথলী পৰিত্যাগ কৰে নব গঠিত সমিতিখনে।