কঁহুৱা বনৰ মনোমোহা দৃশ্য # নীল আকাশৰ শুকুলা ডাৱৰৰ বুকুচাত উঠি ধৰালৈ আহিছে শৰৎ । 
# দলগাঁৱৰ ধনশিৰী নৈৰ পাৰৰ বিঘাই বিঘাই ভূমিত হালি-জালি নাচি শুভ্ৰ কঁহুৱাই দিছে শৰৎ তথা শাৰদীয় বতৰা ।
# হালি জালি থকা কঁহুৱাৰ কোমল পাহীয়ে হাত বাউলি মাতিছে প্ৰকৃতি প্ৰেমিক ।

: শুভ্ৰ কঁহুৱাই দিছে শৰতৰ ইংগিত । শৰতৰ আগমনৰ বাতৰি বিলাই ৰিব ৰিব মলয়াৰ তালে তালে হালি জালি নাচিছে কঁহুৱাৰ কোমল পাহিয়ে । উন্মনা হৈছে কঁহুৱা কিয়নো শৰৎ আহিছে ।বাউলি বৰষাক বিদায় দি সপোনৰ শৰৎ আহিছে ধৰালৈ । বৰষাই প্ৰকৃতিক ন-ৰূপ দিয়াৰ পিচত শৃংখল শৰৎ আহিছে মন-প্ৰাণ জুৰ পেলাবলৈ । দলগাঁৱৰ ধনশিৰী নৈৰ দুয়োপাৰৰ বিঘাই বিঘাই বালিময় ভূমিত হালি-জালি নাচি শুভ্ৰ কঁহুৱাই দিছে শৰৎ তথা শাৰদীয় বতৰা । হালি জালি থকা কঁহুৱাৰ কোমল পাহীয়ে হাত বাউলি মাতিছে প্ৰকৃতি প্ৰেমিক । কঁহুৱাৰ প্ৰেমত দলগাঁৱৰ প্ৰকৃতিৰ প্ৰেমীয়ে গুণগুণাইছে সোধাকণ্ঠ ড°ভূপেন হাজৰিকা দেৱৰ গীত "কহুঁৱা বন মোৰ অশান্ত মন,আলফুল হাতেৰে লোৱা সাৱটি, এটি এটি ক্ষণ যেন মুকুতাৰে ধন,এনেয়ে হেৰুৱালে নাহে উভটি …." সম্প্ৰতি প্ৰাকৃতিক পৰিৱেশৰ ক্ষেত্ৰত দেখা গৈছে বিসংগতি, গছ-গছনীৰ সংখ্যা কম হোৱা হেতুকে এই প্ৰভাৱ পৰিছে ঋতু ত! গতিকে উপভোগ্য শৰতক ভোগ কৰিব হ'লে প্ৰকৃতিক জীয়াই ৰখাৰ আহ্বান দলগাঁৱৰ এইগৰাকী প্ৰকৃতিপ্ৰেমী তথা আদৰ্শ শিক্ষক মোবাৰক হুছেইনৰ ।