২০২২চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষয়ে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ কৰিছিল আৰু এই উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল আৰু সমগ্ৰ দেশৰ লগতে অসমত ২০ চেপ্তেম্বৰৰ পৰা "মেৰা মাটি, মেৰা দেশ"অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ হোবাৰ সমান্তৰালকে ৰহাতো আজি ৰহা সমষ্টিৰ অন্তৰ্গত ফুলগুৰি গাঁও পঞ্চায়তৰ দেওবালী কাকতিগাঁও ৰ পৰা অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে কৰে।তাৰপাছত অমৃত কলহ যাত্ৰা পৰিভ্ৰমণ কৰি ঘৰে ঘৰে গৈ মাটি সংগ্ৰহ কৰে।

    আজিৰ এই অনুষ্ঠানত ৰহা মণ্ডলৰ গ্ৰাম্য সভাপতি ভূপেন শইকীয়া, গাঁও পঞ্চায়ত সভানেত্ৰী কামিনী দাস,চাপৰমুখ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি জনাৰ্দন শইকিয়া,ৰহা আঞ্চলিক গাঁও পঞ্চায়তৰ সভাপতি প্ৰনব বৰকাকতী,

 বিজেপি কমাৰগাঁও মণ্ডলৰ সভাপতি ভাস্কৰ পাতৰ, ৰহা অবিচি মৰ্চাৰ সভাপতি মনোজ বৰা সহ যুব মৰ্চা,মহিলা মৰ্চা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।