*খহনীয়া প্ৰতিৰোধৰ উপযুক্ত ব্যৱস্থা সময়ত নোলোৱাৰ বাবেই এই পৰিস্থিতি।

ঢকুৱাখনা সমষ্টিৰ ঘিলামৰা

গোগামুখ ৰাজ্যিক ঘাই পথৰ পৰা বিলমুখ অঞ্চল সংযোগী গড়কাপ্তানী পথ কিছু সময়ৰ পূৰ্ৱে জাহ গ'ল চামপৰা নদীৰ বুকুত।

উল্লেখ্য যে এই গড়কাপ্তানী পথটোৰ কাষত বিগত বৰ্ষৰ পৰাই চামপৰা নদীয়ে খহনীয়াৰ সৃষ্টি কৰি আহিছিল যদিও প্ৰশাসনে খহনীয়া প্ৰতিৰোধৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

ফলত আজি বিয়লি এইদৰেই পথচাৰী অহা-যোৱা কৰি থকাৰ সময়তে পকী গড়কাপ্তানী পথটো নদীৰ বুকুত জাহ যোৱা

ফলত এতিয়া সদা ব্যস্ত এই গড়কাপ্তানী পথটোৰে বন্ধ হৈ পৰিছে যাতায়ত।দক্ষিণ গাঁও,কেচেৰুগুৰি,বাংক্লেং,গা-ডাঙৰচুক,কোঁৱৰবাৰীকে আদি কৰি বহু গাঁৱলৈ যোৱা

একমাত্ৰ পথটো বন্ধ হৈ পৰিছে।