সোণাৰি আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অবৈধ কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাৰ তথ্য পোহৰলৈ আহিছে।  

সোণাৰি আঞ্চলিক বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ চকুৰ সন্মুখতে সোণাৰিৰ বিভিন্ন অঞ্চলত অবৈধ কাঠৰ মিল গঢ়ি উঠাত এতিয়া বন বিভাগৰ সৈতে অসাধু চক্ৰৰ গোপন মিতিৰালি থকাৰ অভিযোগ উত্থাপন হৈছে।ইয়াৰ পৰিপ্ৰেক্ষিতত অতিশীঘ্ৰে অবৈধ কাঠৰ মিলসমূহ বন্ধ কৰাৰ লগতে দোষী ব্যক্তিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই।