*থেকেৰাগুৰি হৰিমন্দিৰৰ পানীত বিষাক্ত বেক্টেৰিয়া!*

*ভদিয়া নামৰ প্ৰসাদ বিষক্ৰিয়া ঘটনা*

 ঢকুৱাখনা মহকুমাৰ ১নং থেকেৰাগুৰি গাঁও হৰিমন্দিৰৰ ভদিয়া নামৰ প্ৰসাদৰ বিষক্ৰিয়া ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই । বিগত ৫ দিন অতিক্ৰম কৰাৰ পাছত আক্ৰান্ত সকল বহুলাংশে আৰোগ্য লাভ কৰি ঘৰলৈ উভটিছে । ঢকুৱাখনা মহকুমা প্ৰশাসনে এই ঘটনা সন্দৰ্ভত এক দণ্ডাধীশ পৰ্য্যায়ৰ তদন্ত ঘোষণা কৰাৰ সমান্তৰাল ভাৱে লখিমপুৰ জিলা খাদ্য সুৰক্ষা বিভাগ , মহকুমা খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ লগতে স্বাস্থ্য বিভাগে নিজা ববীয়া তদন্ত কৰি নাম প্ৰসঙ্গত ব্যৱহৃত খাদ্য সামগ্ৰীৰ প্ৰয়োজনীয় নমুনা সংগ্ৰহ কৰিছিল । স্বাস্থ্য বিভাগে হৰিমন্দিৰৰ দুটা পানীৰ উৎস আৰু ৭গৰাকী আক্ৰান্ত ব্যক্তিৰ শৌচৰ নমুনা সংগ্ৰহ কৰিছিল বিষক্ৰিয়া সংঘটিত হোৱাৰ পাছদিনা । শেহতীয়া ভাবে লখিমপুৰ জিলাৰ ডি পি এইচ এল কৰ্তৃপক্ষই স্বাস্থ্য বিভাগে সংগ্ৰহ কৰা হৰিমন্দিৰত ব্যৱহৃত পানী আৰু আক্ৰান্তৰ শৌচৰ নমুনা পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিছে । ডি পি এইচ এল/ এন এল পি /২০২৩/৩৩০ নং স্মাৰক যোগে আই ডি এছ পিৰ "চাৰ্ভিলেন্স অফিচাৰ"লৈ উক্ত প্ৰতিবেদন প্ৰেৰণ কৰিছে ২১ছেপ্টেম্বৰত । জিলাৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে স্বাস্থ্য বিভাগে সংগ্ৰহ কৰা শৌচ আৰু হৰিমন্দিৰৰ দুটা খোৱা পানীৰ উৎসত দূষিত বীজাণুৰ অৱস্থিতি ধৰা পৰিছে । গৱেষণাগাৰ কৰ্তৃপক্ষই সংগৃহীত শৌচ আৰু পানীৰ নমুনাৰ নিখুঁত " মাইক্ৰ' বায়'লজিকেল এনালাইছিছ " সম্পন্ন কৰাৰ পাছত উক্ত পানীত স্বাস্থ্য হানি কাৰক, অস্বাস্থ্যকৰ বেক্টেৰিয়া উপলব্ধ হোৱাটো নিশ্চিত কৰিছে । যিটো বেক্টেৰিয়া সাধাৰণ ডায়েৰীয়া ৰোগ হলে ৰোগীৰ শৌচত উপলব্ধ নহয় । উল্লেখ্য যে হৰিমন্দিৰটোৰ চৌহদৰ ভিতৰত দুটা খোৱা পানীৰ উৎস আছে । এটা কুঁৱা আৰু এটা নলীনাদ । এই দুয়োটাৰে পানীৰ নমুনা ১৮ ছেপ্টেম্বৰত সংগ্ৰহ কৰি ২১ ছেপ্টেম্বৰত এই প্ৰতিবেদন দাখিল কৰিছে লেব'ৰেটৰী কৰ্তৃপক্ষই। স্বাস্থ্য বিভাগৰ শীৰ্ষ কৰ্তৃপক্ষই অনাগত সময়ত এই পানীৰ উৎসত বেক্টেৰিয়া নাশক দ্ৰব ব্যৱহাৰেৰে পানী পৰিশোধিত আৰু বিশুদ্ধ কৰি পৰৱৰ্তী সময়ত পুনৰ নমুনা সংগ্ৰহেৰে পৰীক্ষা কৰি ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ প্ৰয়োজনীয়তা আছে বুলি  ব্যক্ত কৰে ।

 । অন্যহাতে হৰিমন্দিৰৰ নামঘৰীয়াই জানিবলৈ দিয়া মতে ভদিয়া নামৰ অন্তিম দিনাৰ পুৱা হৰিমন্দিৰৰ ভিতৰত অৱস্থিত নলীনাদৰ পানীৰে এবাৰো বুট মগু নোধোৱাকৈ ঢালি প্ৰসাদৰ বাবে প্ৰস্তুত কৰিছিল । ইপিনে প্রসাদৰ বিষক্ৰিয়া সন্দৰ্ভত জিলা খাদ্য সুৰক্ষা বিভাগে সংগ্ৰহ কৰি গৱেষণাগাৰলৈ প্ৰেৰণ কৰা প্ৰসাদত ব্যৱহৃত খাদ্য সামগ্ৰীৰ নমুনাৰ প্ৰতিবেদন অদ্যপি লাভ কৰা নাই। এই প্ৰতিবেদন আহি পালে বিষক্ৰিয়াৰ কাৰণ সন্দৰ্ভত এখন পৰিশুদ্ধ আৰু স্বচ্ছ ছবি পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে । প্ৰণিধান যোগ্য যে সম্প্ৰতি গাঁওখলৈ স্বাভাৱিক অৱস্থা উভতি আহিছে যদিও বৃহস্পতি বাৰে ৫ গৰাকী ব্যক্তি নতুনকৈ আক্ৰান্ত হোৱা বুলি জনা গৈছে । ঢকুৱাখনা স্বাস্থ্য বিভাগে হাৰ্হি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আক্ৰান্ত সকলক যাবতীয় চিকিৎসা সেৱা প্ৰদান কৰি সদা সক্ৰিয় হৈ থকা পৰিলক্ষিত হৈছে ।