মিচিং জনগোষ্ঠীয় ৰাইজৰ সামূহিক আৰু সাৰ্বজনীন ব্যৱহাৰৰ উদ্দেশেৰে ৪ টা "মুৰং অকুম" আৰু এখন বিদ্যালয়ৰ পকী বেৰাৰ বুধবাৰে আধাৰশিলা স্থাপনেৰে নিৰ্মান কাৰ্যৰ শুভাৰম্ভ কৰা হয় । মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ প্ৰায় ৫ লাখকৈ অৰ্থ সাহায্যৰে পৰিষদৰ ২১নং পূব ঢকুৱাখনা মাতমৰা সমষ্টিত নিৰ্মিত এই "মুৰং অকুম"ৰ আধাৰশিলা স্থাপন কৰে পৰিষদীয় সমষ্টিটোৰ সদস্য তথা পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ।
২১ নং পুৱ ঢকুৱাখনা মাতমৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পূৱ ঢকুৱাখনা পঞ্চায়তৰ অভয়পূৰ লাচন মুৰং অকুম,, ভোমামিৰি মুৰং অকুম, মিৰি দীঘলী মুৰং অকুম ,লাইপুলীয়া মুৰং অকুম, আৰু ৬৯৯ নং অভয়াপুৰ মাজ গাঁও প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰ পকী বেৰ নিৰ্মাণৰ কাৰ্য আৰম্ভ কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে। ইয়াৰ পাছতে অধ্যক্ষ গৰাকীয়ে পৰিষদৰ প্ৰায় ২ লাখ টকা ব্যয়েৰে নিৰ্মিত কৰ্দৈগুৰি গাঁও হৰিমন্দিৰৰো শুভ উদ্বোধন কৰে মাংগলিক পৰম্পৰাৰে । এই সন্দৰ্ভত অনুষ্ঠিত পৃথক পৃথক আধাৰশিলা আৰু উদ্বোধনী অনুষ্ঠানত নেতৃস্থানীয় ব্যক্তি ,গাঁওবাসী ৰাইজ, শিক্ষাসদীৰ লগতে মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সদস্য দিপাঞ্জল দলে, বৃগেন দলে ,ঢকুৱাখনা জিলা সমিতিৰ সভাপতি সঞ্জীৱ দলে, সম্পাদক অমৰজিৎ দলে, কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপ সভাপতি ক্ষীৰোদ পেগু , প্ৰাক্তন সদস্য জ্যোতিষ পেগু, মিচিং মিমাগ কৌবাংৰ সভাপতি দ্বিপেন দলে , প্ৰাক্তন সম্পাদক মোহন পেগু , সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় সম্পাদক ৰাজু খনিকৰ ,ঢকুৱাখনা ব্লক খণ্ড শক্তিৰ সভাপতি লক্ষ্যনাথ দলে ,সম্পাদক মুকুন্দ বৰুৱা, জাতীয় সংগঠনৰ জিলা নেতৃবৰ্গ ক্ৰমে মৃদুল দলে, মুখ্যনাথ দলে,প্ৰদিপ ময়ং, মিচিং বাঃনৌ কৌবাংৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি মুহিৰাম পেগু ,হেমচন্দ্ৰ পেগু আৰু জাতীয় সংগঠন সমূহৰ পুৱ ঢকুৱাখনা আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে । গাম্ভীৰ্যপূৰ্ণ আধাৰশিলা স্থাপন সভাত ৰাইজৰ সামূহিক ব্যবহাৰৰ বাবে নিৰ্মান হবলগীয়া এই মুৰং অকুম সমূহ যাতে প্ৰাককলন অনুসৰি গুণগত ভাবে নিৰ্মান কৰি চৰকাৰী পুঁজিৰ উচিত ব্যৱহাৰ কৰা হয় তাৰ প্ৰতি ৰাইজৰ সতৰ্ক দৃষ্টি কামনা কৰে অধ্যক্ষ পেগুৱে ।
 
  
  
  
   
   
  