বিশ্বনাথ চাৰিআলি স্থিত ডেফনী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ ৫১জনীয়া কমিটিৰে সদৌ অসম ছাত্ৰ সন্থাৰ এক শক্তিশালী গোট গঠন কৰা হয়। উক্ত সভা খনত শৈক্ষিক দিশৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক দৃষ্টিভংগী ওপৰত আলোচনা কৰা হয় । ইয়াত সহ সন্মতি মৰ্মে নৱনিৰ্বাচিত সমিতি খনৰ সভাপতি পদত হীৰকজ্যোতি বৰকটকী আৰু সাধাৰণ সম্পাদকৰ পদত মৃগাংক বৰ্মনক নিৰ্বাচিত কৰা হয়। সভাখনত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহ সদস্য ৰূপম দাস, সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰাই আছুৰ দৃষ্টিভংগীৰ ওপৰত ব্যাখ্যা আগবঢ়াই। এই সভাত সভাপতি ৰূপে সভা খন পৰিচালনা কৰে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দেৱৰ্ষি বৰুৱা আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক প্ৰজ্ঞান জ্যোতি শইকীয়াই। বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াৰ উপষ্টিতিত সভা খনে পূৰ্ণতা লাভ কৰে । নৱনিৰ্বাচিত সমিতি খনে নিজা লক্ষ্যৰে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নতিৰ বাবে কাম কৰি বিভিন্ন সামাজিক, শৈক্ষিক, কাম কাজত বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাক সম্পূৰ্ণ সহায় সহযোগিতা প্ৰদান কৰি বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাক সমৃদ্ধ কৰি সমগ্র বিশ্বনাথ চাৰিআলি অঞ্চলৰ জাতি, মাটি, ভেঁটিৰ হকে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে
বিশ্বনাথৰ ডেফনী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বিঃ চাঃ আঞ্চলিক ছাত্ৰ সন্থাৰ ৫১জনীয়া সদৌ অসম ছাত্ৰ সন্থাৰ এক শক্তিশালী গোট গঠন
 
  
  
  
   
  