।ঘিলামৰাত সন্ধিয়া হলেই অন্ধকাৰত ভুব যায় ঘিলামৰা তিনিআলি, ভগ্ন পথ আৰু উদঙীয়া গৰুৱে জীয়াতু ভোগাইছে জনসাধাৰণক l

ঢকুৱাখনা মহকুমাৰ ঘিলামৰা তিনিআলিত স্বাপন কৰা অত্যাধুনিক ষ্ট্ৰীট লাইট সমুহ দীৰ্ঘদিনে বিকল হৈ থকাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পথচাৰী, ব্যৱসায়ী আৰু যান বাহন চালক সকলৰ লগতে টম টম চালক সকলেও ৷ ঢকুৱাখনাৰ পৰা গোগামুখ আৰু ঢকুৱাখনা— ধেমাজী পথক লৈ স্‌ষ্টি হোৱা ঘিলামৰা তিনিআলিত পথৰ অৱস্থা অতিকে জৰাজীৰ্ণ হোৱাৰ লগতে সন্ধিয়া হলেই সুখনিদ্ৰাত আশ্ৰয় লৱলৈ অহা উদঙীয়া গৰুৱে স্‌ষ্টি কৰা আতংকৰময় পৰিস্থিতি আৰু সঘন দুৰ্ঘটনাৰ বাবে ঘাইকৈ ফুলদানীত পৰিণত হোৱা ষ্ট্ৰিট লাইট আৰু লোকনিৰ্মাণ বিভাগকেই জগৰীয়া কৰিছে স্থানীয় ৰাইজ আৰু পথচাৰীয়ে ৷ ঘাইকৈ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তগত ঘিলামৰা গাঁও পঞ্চায়তৰ জৰিয়তে ঘিলামৰা তিনিআলিত পথচাৰীক সকাহ দিবলৈ স্থাপন কৰা সু উচ্চ ষ্ট্ৰীট লাইট সমুহ বিকল হৈ নিজেই আন্ধাৰৰ ৰজা হোৱা বুলি অভিযোগ তুলি পঞ্চায়ত প্ৰতিনিধিকেই জগৰীয়া কৰিছে স্থানীয় ৰাইজে ৷ তদুপৰি তিনিআলিৰ অতি ব্যস্ত পথ অংশৰ ব্লেক ট্ৰপিংৰ পথ অংশ ভাগি চিগি যোৱাত পথচাৰী, বাইক আৰোহী আৰু যানবাহন চালক সকলৰ লগতে টম টম চালক সকলেও যমৰ যান্ত্ৰনা ভোগ কৰি অহাৰ সমান্তৰালভাৱে ভুতৰ ওপৰত দানহ পৰাদি সন্ধিয়া হলেই তিনিআলিটোত উদঙীয়া গৰুৱে ভিৰ কৰাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ অহাত লোক নিৰ্মাণ বিভাগ আৰু পঞ্চায়ত প্ৰতিনিধিৰ সমান্তৰাকৈ গো পালক সকলকো সমানেই জগৰীয়া কৰি এই ক্ষেত্ৰত ঢকুৱাখনা মহকুমাৰ  প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে পথচাৰী, বাইক আৰোহী, যান বাহন চালক আৰু টম টম চালক সকলৰ লগতে স্থানীয় ৰাইজে ৷