অসম সন্মিলিত মহাসংঘই ২০১২ চনত উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰি ৰাষ্ট্ৰসংঘৰ অসমৰ খিলঞ্জীয়াৰ অধিকাৰৰ চনদ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক নিৰ্দেশনা দিবলৈ আহ্বান জনাইছিল।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

মহাসংঘৰ মূল গোচৰৰ সৈতে সংলগ্ন কৰা হৈছিল এই আৱেদন। 

ৰাষ্ট্ৰসংঘৰ চনদত খিলঞ্জীয়াৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু খিলঞ্জীয়াৰ নিজৰ পছন্দ অনুসৰি চৰকাৰ গঠনৰ অধিকাৰ স্বীকৃতি দিয়া হৈছে। 

লগতে ভূমি আৰু সম্পদৰ অধিকাৰ খিলঞ্জীয়াৰ হাতত থাকিব বুলিও উল্লেখ কৰে।

আজি অসমৰ এসময়ত খিলঞ্জীয়া শাসক জনগোষ্ঠী আছিল আহোম, মৰাণ, মটক, চুতীয়া, কছাৰী, ৰাভা, তিৱা, কাৰ্বি, কোচ, আদি ৰাজনৈতিক অধিকাৰ আৰু শাসন ক্ষমতাৰ পৰা বঞ্চিত হৈছে। 

গতিকে এই চনদৰ আধাৰত খিলঞ্জীয়া জনগোষ্ঠীক সুৰক্ষা দিয়াটো মহাসংঘই বিচাৰে। 

বুধবাৰে ডুমডুমা প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ সভাত অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান, সোণোৱাল কছাৰী জাতীয় পৰিষদৰ উপদেষ্টা, সন্তনু দাস বৰহাজোৱাল আদিয়ে সম্বোধন কৰে।

অসম চৰকাৰে অতি চতুৰতাৰে ‘খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগ’ খুলিছে। 

হাঁহক গোবৰৰ দানা দিয়াৰ বাহিৰে আন একো নহয়। 

ইমান সৰু বিভাগে খিলঞ্জীয়াক সুৰক্ষা দিব নোৱাৰে। 

তাৰ পৰিৱৰ্তে উচ্চতম ন্যায়ালয়ত খিলঞ্জীয়া সুৰক্ষাৰ গোচৰ চলি থকাৰ সময়তে বসুন্ধৰা আঁচনিৰ নামত অখিলঞ্জীয়া বিদেশীক ভূমি আবণ্টন দিছে চৰকাৰে। 

অসম সন্মিলিতা মহাসংঘই দাখিল কৰা গোচৰত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়াৰ অধিকাৰৰ চনদৰ বিৰুদ্ধে শপতনামা স্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে। 

গতিকে বিজেপি-অগপ নেতৃত্বাধীন চৰকাৰখন নিশ্চিতভাৱে খিলঞ্জীয়া বিৰোধী চৰকাৰ বুলি তেওঁলোকে কয়। 

বিশ্বৰ ১৪৩খন দেশৰ সৈতে ভাৰত চৰকাৰে ২০০৭ চনৰ ১৩ ছেপ্টেম্বৰত জেনেভাস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত এই চনদৰ সপক্ষে ভোটদান কৰে। 

যি সময়ত বিশ্বৰ আন দেশসমূহে এই চনদৰ আধাৰত খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কাম কৰি আছে, অসমত ইয়াৰ বিপৰীত কাম কৰা হৈছে।

চনদ ঘোষণাৰ ষোড়শ বৰ্ষপূৰ্তিত ফেডাৰেচনে চনদ কাৰ্যকৰী নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰি খিলঞ্জীয়া জনগোষ্ঠীক সুৰক্ষা প্ৰদানৰ বাবে ইয়াক কাৰ্যকৰী কৰাৰ আহ্বান জনায়। 

২০০৭ চনৰ পিছত খিলঞ্জীয়াৰ পূৰ্ব অনুমতি বা সন্মতি অবিহনে খিলঞ্জীয়া বিষয়ত চৰকাৰে একো কৰিব নোৱাৰে, আনহাতে অসমত ইয়াৰ বিপৰীত ঘটনা ঘটি আছে বুলি কার্যকৰী সভাপতি মতিউৰ ৰহমানে কয়৷

সংবাদ মেলত সোণোৱাল-কছাৰী জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি সন্তনু দাস বৰহাজোৱাল আৰু ইয়াৰে অন্যতম আৱেদনকাৰী সোণোৱাল-কছাৰী জাতীয় পৰিষদৰ প্ৰাক্তন উপ-সভাপতি জগন্নাথ সোণোৱাল; 

অসম মৰণ সভাৰ প্ৰাক্তন উপ-সভাপতি অজিত মৰাণ; 

আৰু তিনিচুকীয়া জিলা সমিতিৰ চুতীয়া জাতি সন্মিলনৰ প্ৰাক্তন সভাপতি বেদা বৰা।