ঢকুৱাখনা 'সোণাৰি চাপৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ ভূমি বেদখলৰ অভিযোগ।সোণাৰি চাপৰি গাঁও পঞ্চায়তৰ সভাপতি মঞ্জিত সোনোৱালৰ বিৰুদ্ধে ৫ বিঘা ভূমি বেদখলৰ অভিযোগ। 

      উল্লেখ্য যে, ২০০৮ চনত ঢকুৱাখনাৰ সোৱণশিৰি ৰাজহ চক্ৰ বিষয়াৰ এখন প্ৰমাণ পত্ৰত চিকিৎসালয় খনৰ মাটি আছিল ১৭ বিঘা ১ কঠা ১২ লেচা। কিন্তু এইবছৰ ওলোৱা এখন জাননীত চিকিৎসালয় খনৰ মাটি হ'লগৈ ১২ বিঘা ৪ কঠা ২৫ লেচা। অৰ্থাত যোৱা ১৫ বছৰত নাইকিয়া হ'ল প্ৰায় ৫ বিঘা মাটি। এই মাটিখিনি শাসক দলৰ পঞ্চায়ত সভাপতি মঞ্জিত সোনোৱালে বেদখল কৰি পকী ঘৰ বনোৱাৰ অভিযোগ।

       যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অবৈধ ভূমি বেদখল মুক্ত কৰিছে সেই সময়ত এজন শাসক দলৰ প্ৰতিনিধিয়ে পাঁচ বিঘাকৈ চৰকাৰী ভূমি বেদখল কৰি পকী ঘৰ সাজি থাকিবলৈ লৈছে। 

     সেয়েহে এই ভূমি বেদখল মুক্ত কৰণৰ দাবী জনাইছে স্থানীয় ৰাইজে।

     ইপিনে চিকিৎসালয় খনৰ চাৰিসীমাৰ বাহিৰত থকা এঘৰ দৰিদ্ৰ লোকক উচ্ছেদৰ জাননী দি চৰম ভীতিগ্ৰস্ত কৰি তুলিছে।

     সেয়েহে চিকিৎসালয় খনৰ নামত প্ৰকৃততে কিমান মাটি আছে আৰু কোনে ১৫ বছৰত ৫ বিঘা মাটি দখল কৰি চৰকাৰী নথিত নোহোৱা কৰিলে তাৰ এক উচিত তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে।