আৰক্ষীৰ গাফিলতিৰ অভিযোগ গঁঞাৰ

সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত বিভিন্ন  চৰকাৰী আৰু বে চৰকাৰী মীন মহল সমুহৰ লগতে  চাৰিকড়িয়া, কঢ়া, দাংধৰা আদি নৈ বিল পুখুৰী আদিতো একাংশ দুস্ক্‌তিকাৰীয়ে দীৰ্ঘ দিন ধৰি ইন্ভাটাৰ সহায়ত বিদ্যুৎ সংযোগ কৰি কেতবোৰ যন্ত্ৰপাতিৰ সহায়ত মৎস্য চিকাৰ কৰি চৰকাৰী মীন মহল আৰু বোৱতী নদীত অবাধ হাৰত মৎস্য ব্যৱসায় চলাৰ অহা এজন মৎস্য চিকাৰীকসোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত পশ্চিম ঢকুৱাখনাৰ  ভাটি জালভাৰী গাঁও উন্নয়ন সমিতি আৰু গাঁওৰক্ষী বাহিনীয়ে যুৱ সংঘৰ সহযোগত আটক কৰি ঢকুৱাখনাৰ আৰক্ষীক চমজাই দিয়া ঘটনাই প্ৰতিক্ৰিয়া স্‌ষ্টি কৰিছে  ৷ ঢকুৱাখনীয়াৰ আয়ুস ৰেখা চাৰিকড়িয়া নদীৰ লগতে অন্যান্য নদ নদী সমুহতো মীন মহলদাৰ বা লেচিৰ মুৰত ৰাম টাঙোন সুধাই দিনে নিশাই গোপনে অবাধ হাৰত বিভিন্ন প্ৰজাতিৰ মাছ ধৰি মৎস্যকুলৰ প্ৰতি ভাবুকি স্‌ষ্টি কৰি উদৰ পুৰুৱাই অহাৰ লগতে মাছ ব্যৱসায় চলাই অহা এই দুষ্ট চক্ৰৰ বিৰুদ্ধে শেহতীয়াকৈ ৰাইজ সজাগ হৈ  নৈ পৰীয়া গাঁও সমুহত অভিযান চলাই থকা সময়তে ৭ ছেপ্তেম্বৰত ভাটি জালভাৰী গাঁও স্থিত চাৰিকড়িয়া নদীৰ অংশত তেনে এক দ্‌শ্য প্ৰতক্ষ্য কৰাত গাঁও উন্নয়ন সমিতিয়ে সোণাৰি চাপৰি আৰক্ষী চকীত অৱগত কৰাত ভাৰপ্ৰাপ্ত প্ৰভাৰী অনন্ত কুমাৰ নৰহে মাছ মৰীয়া সকলক ধৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে ফোন যোগে আৰক্ষী চকীলৈ (গোচৰ দিছে বুলি) মাটি পথোৱাত ৰাইজ ক্ষুন্ন হয় ৷ আনহাতে আৰক্ষীৰ ফোন পোৱাৰ মাত্ৰকে চুৰাং মাছ মৰীয়া সকলে শাল সাথিয়াৰ লৈ পলায়ণ কৰে যদিও ভাটি জালভাৰী গাঁও  উন্নয়ন সমিতি, গাঁওৰক্ষী বাহিনী আৰু যুৱ সংঘৰ সদস্য সকলে সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত বাঁহপৰা গাঁওৰ ৰবী বৰ্মন নামৰ এজন লোকক এডাল পছাঁ, এএছ ০৭ টি ৬৩৪৮ নম্বৰৰ এখন পালচাৰ বাইক, এটা মোৱাইল ফোন আৰু ৬/৭ কেজি মাছ সহ আটক কৰিবলৈ সক্ষম হয় যদিও মুল অভিযুক্ত বাঁহপৰা গাঁৱৰ খ্যাত বৰুৱা আৰু প্ৰদীপ বৰুৱা পলাই যাবলৈ সক্ষম হয় ৷ আনহাতে উক্ত আটকাধীন ব্যক্তি গৰাকীক চমজি লবলৈ ভাটি জালভাৰী গাঁৱৰ ৰাইজে সোণাৰি চাপৰি আৰক্ষীক আমন্ত্ৰণ কৰে যদিও সোণাৰি চাপৰি আৰক্ষীৰ গাফিলতিৰ বাবেই শেষত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি আৰু সদৰ থানাৰ আৰক্ষীৰ লগত যোগাযোগ কৰাত চন্দ্ৰ বৰুৱাৰ নেত্‌ত্বত অহা ঢকুৱাখনা সদৰ থানাৰ আৰক্ষী দলক আটকাধীন মাছমৰীয়া গৰাকীক মাছ, বাইক সহ চমজি দিব লগা হোৱাত সোণাৰি চাপৰি আৰক্ষীৰ চুৰাং মাছ মৰীয়া আৰু চুলাই ব্যৱসায়ীৰে গোপণ সম্পৰ্ক থকা বুলিও অভিযোগ তুলি ইয়াৰ এক ন্যায়িক তদন্তৰো দাবী জনাই এই ক্ষেত্ৰত সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত ভাটি জালভাৰী গাঁৱত সংঘটিত ঘটনাৰে জড়িত লোকক ঢকুৱাখনা আৰক্ষীক চমজাই দিব লগা হোৱা ঘটনাক ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু জিলা প্ৰশাসনে কেনে পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰতেই পৰৱৰ্তী কাৰ্যব্যৱস্থা হাতত লব বুলিও জানিবলৈ দি সোণাৰি চাপৰি আৰক্ষীৰ উচতনিতে ভাটি জালভাৰী গাঁৱৰ ৰাইজে অবৈধ মাদক দব্য প্ৰচলনৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰাম কৰিও সফল হব পৰা নাই বুলিও জানিবলৈ দি  ইয়াৰ এক ন্যায়িক তদন্তৰো দাবী জনাইছে ভাটি জালভাৰী গাঁৱৰ গাঁও উন্নয়ন সমিতি, গাঁওৰক্ষী বাহিনী আৰু যুৱ সংঘৰ লগতে সাধাৰণ ৰাইজে I

 ঃ