অসম চৰকাৰৰ সাহিত্য বঁটা, চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা তথা সাহিত্যিক পেঞ্চন লাভ কৰিবলৈ সক্ষম হোৱা 

বিশিষ্ট লেখিকা, সদৌ অসম লেখিকা সমাৰোহৰ প্ৰাক্তন সভানেত্ৰী, মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষা ডঃ সুখ বৰুৱা আজি দিনৰ প্ৰায় এঘাৰ বজাত বাঢক্যজনিত কাৰণত মৰাণৰ নিজ বাসগৃহত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৭ বছৰ। তেখেতৰ মৃত্যুত বৃহত্তৰ মৰাণ অঞ্চলত শোকৰ ছাঁ ই বিৰাজ কৰাৰ লগতে বৃহত্তৰ মৰাণ অঞ্চলৰ দল সংগঠনৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। ইতিমধ্যে সুখ বৰুৱাৰ বাসগৃহত গুণমুগ্ধ সকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ ভীৰ কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে বিশিষ্ট লেখিকা গৰাকীয়ে অসম চৰকাৰৰ পৰা কেইবাটাও বঁটা লাভ কৰাৰ লগতে সাহিত্যিক পেঞ্চন আৰু বেচৰকাৰী সংগঠনৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সন্মান লাভ কৰাৰ লগতে কেইবাটাও উপাধিৰে সন্মানিতহৈছিল ।