যোৱা কিছুদিন ধৰি বালিপৰাৰ বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়ত্ৰীয়ে বিদ্যালয়ত কৰ্মৰত দুগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে শাৰিৰীক নিৰ্যাতনৰ যি অভিযোগ তুলিছে আৰু বিষয়টো আইনী প্ৰক্ৰিয়ালৈ যোৱাৰ পাছতে প্ৰচাৰ মাধ্যমত চলা ব্যাপক চৰ্চায়ে অঞ্চলটোৰ শৈক্ষিক দিশত বাৰুকৈয়ে প্ৰভাবিত কৰিছে আৰু অঞ্চলটোৰ বাবে অত্যন্ত লজ্জাজনক আৰু নিন্দনীয় বিষয়। অাজি এই বিষয় সন্দৰ্ভত বালিপৰা আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়াৰ লগতে অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ এটি সজাতিৰ দলে বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক সাক্ষাৎ কৰি বিষয়টোৰ সন্দৰ্ভত বিতংভাবে আলোচনা কৰাৰ লগতে আহ্বান জনায় যে ভৱিষ্যতে যাতে‌ বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এনে ঘটনা পুনৰাবৃত্তি নহয় অাৰু নিৰপেক্ষ ভুমিকাৰে পৰিচালনা সমিতিৰ লগত অালোচনা কৰি ৰাইজৰ পৰামৰ্শমৰ্মে বিষয়টি নিস্পতি কৰাৰ প্ৰয়াস কৰি বিদ্যালয়খন গৰিমা অক্ষুন্ন ৰাখে। 

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

বিভিন্ন সংগঠনৰ নেতৃত্বৰ লগতে উপস্থিত থাকে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক হিৰেণ মেধি, নিতুল বৰা, বালিপৰা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি নিৰ্মল নাথ, সাধাৰণ সম্পাদক গুলজাৰ আলি, নাহিদা পাৰবীন, জ্যোতিস্মান বৰা , তেজপুৰ আট্ছাৰ উপ সভাপতি অনন্ত তাঁতি, নেমছু বালিপৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ছাফিকুল ইছলাম আৰু আক্ৰাছুৰ বিষয়ববীয়াসকলৰ লগতে অন্যান্য ছাত্ৰ সংগঠন উপস্থিত থাকে।