জোনাইত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ সংবাদ মেল

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে বুধবাৰে জোনাইৰ লখী নেপালী বস্তি স্থিত গোৰ্খা ভৱনত এখন সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদ মেলত গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ কৰ্মকৰ্তাই জোনাই ৰাজহ চক্ৰ বিষয়াক গোৰ্খা জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজিবলৈ দাবী জনায়। মিছন বসুন্ধৰা 2.0ত জোনাই ৰাজহ চক্ৰ বিষয়াই গোৰ্খা জনগোষ্ঠীৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে সংবাদ মেল আয়োজন কৰে সংগঠনটোয়ে। সংবাদ মেলত গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ সভাপতি সমৰাজ পুৰিয়ে অভিযোগ কৰি কয় " মিচন বসুন্ধৰা ৰূপায়নৰ ক্ষেত্ৰত জোনাই ৰাজহ চক্ৰ বিষয়াই মুৰ্কংচেলেক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বসবাস কৰা গোৰ্খা সকলক ভূমি অধিকাৰ সৰ্ব কৰাৰ ষড়যন্ত্র কৰিছে। মিচন বসুন্ধৰাৰ অধীনত আবেদন কৰা গোৰ্খা ৰাইজৰ আবেদন সমুহ বিনা কাৰণত খাৰিজ কৰা পৰিলক্ষিত হৈছে। খাৰিজ কৰা আবেদনত গোৰ্খা জনগোষ্ঠীৰ লোকসকল মুৰ্কংচেলেক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ স্থায়ী বাসিন্দা নহয় আৰু গোৰ্খা জনগোষ্ঠী ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সুৰক্ষিত শ্ৰেণী নহয় বুলি উল্লেখ কৰা আছে। যত নেকি আমি ১৯৫০-৬৫ চনৰ লিগেচি ডাটা গাঠি দিছো। তদুপৰি তেওঁ কয়, ৰাজহ চক্ৰ বিষয়াৰ কাণ্ড জ্ঞানৰ অভাব। ইতিমধ্যে ধেমাজিত অনুষ্ঠিত হোৱা অসম কেবিনেটে গোৰ্খা সকলক মুৰ্কংচেলেক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সুৰক্ষিত শ্ৰেণী বুলি অনুমোদন দিয়াৰ পিছতো জোনাই ৰাজহ চক্ৰ বিষয়াই কিহৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে তাক লৈ আমি গৰিহণা দিছো। " জোনাই ৰাজহ চক্ৰ বিষয়া ৰাজিব সোনোৱালে গোৰ্খা ৰাইজৰ ওচৰত এনেধৰণৰ মন্তব্য প্ৰদান কৰি গোৰ্খা জনগোষ্ঠীক অপমান কৰা বুলি অভিযোগ তুলি দুই দিনৰ ভিতৰত সমগ্ৰ গোৰ্খা জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজিবলৈ দাবী জনাইছে সংগঠনটোয়ে। তদুপৰি অতি শীঘ্রে গোৰ্খা জনগোষ্ঠীৰ মাটিৰ সমস্যা বিনা চৰ্তে সমাধান কৰিবলৈ অসম চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে সংগঠনটোয়ে। আনহাতে, ৰাজহ চক্ৰ বিষয়া ৰাজিব সোনোৱালক দুই দিনৰ ভিতৰত গোৰ্খা ৰাইজৰ ওচৰত ক্ষমা খোজিবলৈ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে। অন্যথা জোনাই ৰাজহচক্ৰ বিষয়াৰ বিৰুদ্ধে গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংবাদ মেলৰ জৰিয়তে প্ৰদান কৰিছে আগ্ছু ধেমাজি জিলা সমিতিৰ সভাপতি সমৰাজ পুৰিয়ে।

     এই সংবাদ মেলত উপস্থিত থাকে গোৰ্খা ছাত্ৰ সন্থা কেন্দ্রীয় সমিতিৰ সদস্য মোহন বিশ্বকৰ্মা, ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক পূৰ্ণ ৰানা, উপ সভাপতি ভীম তামাং, সাংগঠনিক সম্পাদক দিলীপ কুমাৰ লিম্বু, গনেশ থাপা, সদস্য তিলক ছেত্ৰী, ৰাজাখানা আঞ্চলিকৰ সম্পাদক সঞ্জু মগৰ, চিৰেন চাপৰি আঞ্চলিকৰ সম্পাদক মোহন বিশ্বকৰ্মা, প্ৰাক্তন আগ্ছু উত্তৰ লিম্বু আৰু সংগঠনটোৰ কৰ্মকৰ্তা সকল।