সত্যম স্পাট উদ্যোগৰ তিনিচুকীয়ালৈ ৰপ্তানি কৰা ৰ'ড জোনাই আৰু ৰুকচিনত উদ্ধাৰ

অৰুণাচল প্ৰদেশৰৰ ৰুকচিন আৰু জোনাইত অৰুণাচল আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং ৰ'ড সোমবাৰে জব্দ কৰে। অৰুণাচল প্ৰদেশৰৰ বান্দৰদোৱা থানাৰ এটা চোৰি গোচৰৰ ভিত্তিত অৰুণাচল প্ৰদেশৰ ৰুকচিন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া Nyto Soraৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে প্ৰথমে অভিযান চলাই ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাচিঘাটৰ চেক গেটত প্ৰায় আঠ টন ৰ'ডৰ সৈতে মূল পথেদি নগৈ চোৰাংকৈ তৰাজান পথেৰে যোৱা AS07 A0 2773 নম্বৰৰ এটা পিক আপ জব্দ কৰে। আনহাতে, সন্ধিয়া সময়ত ৰুকচিন থানাৰ আৰক্ষী আৰু জোনাই আৰক্ষীৰ যুটীয়া অভিযানত জোনাই থানা অন্তৰ্গত জনেকাৰেংত প্ৰায় ১২ টন চোৰাং ৰ'ড জব্দ কৰে। 

     জানিব পৰা মতে, বিগত ২৫ আগষ্ট তাৰিখে বান্দৰদোৱাৰ সত্যম স্পাট উদ্যোগৰ পৰা তিনিচুকীয়ালৈ ৰপ্তানি কৰা প্ৰায় ২৭ টন ৰ'ড গাড়ী চালক প্ৰদীপ দৰ্জীয়ে ৰ'ডখিনি তিনিচুকীয়ালৈ নিয়াৰ পৰিবৰ্তে জোনাই জোনকাৰেং স্থিত অমূল্য বৰিৰ ব্যৱসায় প্ৰতিষ্ঠানত বিক্ৰী কৰে। ব্যৱসায়ী অমূল্য বৰি আৰু বাৰ্মা চাহুয়ে AS07 A0 2773 নং পিকাপেৰে পাচিঘাটলৈ নিয়াৰ সময়ত পাচিঘাট চেক গেটত আৰক্ষীয়ে জব্দ কৰে। 

 বৰ্তমানলৈ আৰক্ষীয়ে অভিযান চলাই প্ৰায় ২০ টন ৰ'ড জব্দ কৰে যদিও প্ৰায় ৭ টন ৰ'ড বৰ্তমানো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। তদুপৰি গাড়ী চালক প্ৰদীপ দৰ্জি, অমূল্য বৰি হাৰ্ডওৱেৰৰ স্বস্তাধিকাৰী অমূল্য বৰি বৰ্তমানো পলাতক । আনহাতে, বান্দৰদোৱা থানাৰ গোচৰ নং বি/পিএছ 34/32 ভাৰতীয় দণ্ডবিধি আইন 381 ধাৰাত গোচৰ ৰুজু কৰি বৰ্তমান বান্দৰদোৱা আৰক্ষীয়ে ৰুকচিন থানাত উপস্থিত হৈ জোনাই জোনকাৰেংৰ অমূল্য বৰি বিপনিৰ কৰ্মচাৰী আৰু ভিয়ান ইন্টাৰপ্ৰাইজৰ স্বতাধিকাৰী বাৰ্মা চাহুক শোধপোচ অব্যাহত ৰাখিছে।

     আনহাতে বান্দৰদোৱা স্থিত সত্যম স্পাট কোম্পানিৰ কৰ্মচাৰী জোনাইত উপস্থিত হৈ নথি পত্ৰ সমুহ সংবাদ মাধ্যমক দেখুৱাৰ পৰা বিৰত থকাৰ উপৰিও সংবাদ মাধ্যমক মন্তব্য দিয়াৰ পৰা বিৰত থাকে। এতিয়া প্ৰশ্ন হয়, প্ৰায় ২৭ টন ৰ'ড চোৰি হোৱাৰ পিছতো কিহৰ বাবে সত্যম স্পাৰ্কৰ কৰ্মচাৰীয়ে সংবাদ মাধ্যমেৰ পৰা পলাই ফুৰিছে ? সত্যম স্পাৰকৰ কৰ্মচাৰীয়ে জিএছটি ফাঁকিৰে প্ৰায় ২৭ টন ৰ'ড তিনিচুকীয়ালৈ ৰপ্তানি কৰাৰ সন্দেহ কৰিছে ৰাইজে। 

    আনহাতে জোনাইৰ হাৰ্ডওৱেৰ বিপনী সমুহত দৈনিক এনেধৰণৰ চোৰাং বস্তু বিক্ৰী কৰাৰ সন্দেহ কৰিছে ৰাইজে। এনেদৰে চোৰাং কৈ বস্তুসমূহ ক্ৰয় কৰি বিক্ৰী কৰা হাৰ্ডওৱেৰ দোকান সমুহৰ ওপৰত চকু ৰাখিবলৈ প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে।