মঙলদৈত এখন ব্যতিক্ৰম বিবাহ।

বানে বিধস্ত কৰা বিয়া ঘৰ খনত আজি উদুলি মুদুলি পৰিবেশ।

বানে সৰ্বশ্ৰান্ত কৰিছিল মঙলদৈৰ বৰথেকেৰাবাৰী গাঁও খনত।

সকলো শেষ হৈ গৈছিল দিপান্বিতা বৰাৰ ঘৰ খনো।

ইফালে পূৰ্বে নিৰ্ধাৰণ হৈ আছিল দিপান্বিতা বৰাৰ বিবাহৰ দিন।

সকলো শেষ হৈ যোৱাৰ পিছত কিদৰে বিয়াখন পাতিব বুলি ভাবি দিকবিদিক হেৰুৱাই পেলাইছিল দিপান্বিতাৰ পৰিয়ালে।

ঘৰ এৰি আশ্ৰয় শিবিৰত থাকি কিদৰে অনুষ্ঠিত কৰিব বিয়া?

ইফালে দিপান্বিতাৰ পিতৃৰ হাতত টকা এক হাজাৰো নাই।

তেনে সময়তে দুৰ্ভগীয়া পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিল মানৱ দৰদী সংগঠন মানুহে মানুহৰ বাবে।

কোনো দিনে কোনো সম্পৰ্ক নোহোৱা পৰিয়ালটোক সহায় কৰিবলৈ এনেদৰে আগবাঢ়ি আহিল সংগঠনতোৰ সৈতে জড়িত সদস্য সকল।

সদস্য সকলৰ কোনোৱে যদি অলমিৰা টো দিছে আন কোনোৱে দিছে ড্ৰেছিং আইনা খন, কোনোৱে কাপোৰ, কোনোৱে বাকচ, বাল্টিৰ পৰা গহনালৈ সকলো সামগ্ৰীৰে দায়িত্ব ললে এই সকল লোকে।

মুঠতে ভোজৰ পৰা বিয়াৰ সকলো খৰছ কৰিলে এইসকল মানৱ দৰদী লোকে।

ৰাইজ তথা মানৱদৰদী সংগঠনটোৰ এনে পদক্ষেপৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে কইনা দিপান্বিতা আৰু পৰিয়ালটোৱেও।