পৱিত্ৰ ভাদ মাহলৈ মাজত মাথোঁ কেইটামান দিন। ৰাজ্যৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান সমূহৰ লগতে যোৰহাটস্থিত শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰো সাজু হৈছে সমূহ ভক্তক আদৰিবলৈ। মাহজোৰা পালনামৰ বাবে ৰং তুলিকাৰে সজাই তোলা হৈছে ঢেকীয়াখোৱা নামঘৰৰ চৌহদ। পূৰ্ণ প্ৰস্তুতিৰে ন-ৰূপত সজোৱাত ব্যস্ত হৈ পৰিছে নামঘৰ পৰিচালনা সমিত ।