ঢকুৱাখনা সমবায় সমিতিত চাউল কেলেংকাৰী।সভাপতি আৰু সচিৱে মিলি আত্মহাত কৰিলে ৮১৩কুইণ্টেল চাউল।প্ৰাপ্য চাউল বিচাৰি মহকুমাধিপতিক শ শ মহিলাৰ আবেদন।

ঢকুৱাখনা সমবায় সমিতিৰ সভাপতি নিত্যানন্দ গগৈ আৰু সচিৱ বিকাশ গোহাঁইয়ে যোৱা কিছুদিনৰ পৰা দৰিদ্ৰ হিতাধিকাৰীৰ নামত আৱন্টিত চাউল আত্মহাত কৰি আহিছিল।অৱশেষত যেতিয়া জুলাই মাহৰ চাউল গ্ৰাহকক আৱন্টন দিব নোৱাৰিলে তেতিয়াই ওলাই পৰিল জুলুঙাৰ মেকুৰী।

মহকুমাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে অনুসন্ধান কৰি সমবায় খনৰ পৰা ৮১৩কুইণ্টল চাউল হৰলুকী হোৱাৰ প্ৰশাসনিক তথ্য লাভ কৰে।লগে লগে ঢকুৱাখনা মহকুমাৰ প্ৰশাসনে এটা গোচৰ ৰুজু কৰি সভাপতি নিত্যানন্দ গগৈক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে যদিও  সচিব বিকাশ গোহাঁই পলাই সাৰিবলৈ সক্ষম হয়।

ফলত ঢকুৱাখনা সমবায় সমিতিখন বিষয়া কৰ্মচাৰীৰ অভাৱত বন্ধ হৈ পৰাত পৰৱৰ্তী মাহৰ চাউল লাভ কৰাৰ পৰাও গ্ৰাহকসকল বঞ্চিত হয়।

সেয়েহে ঢকুৱাখনা সমবায় সমিতিৰ একাংশ মহিলাই চৰকাৰী ভাৱে আৱন্টিত চাউল বিচাৰি মহকুমাধিপতিৰ হস্তক্ষেপ বিচাৰিব লগীয়া হয়।