অল আসাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন #
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
ঢকুৱাখনা মহকুমাৰ খেৰকটামুখ গ্ৰাম্যাঞ্চলৰ সমাজ ব্যৱস্থাক শিক্ষাৰ মাধ্যমৰে গঢ় দিয়াৰ মানসেৰে তথা মিচিং সমাজৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান ১৯৩৬ চনত কেইজনমান বিশিষ্ট ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা অল আসাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে এই বছৰ ২৯ তম নৱাগত আদৰণি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানটি শণিবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কাৰ্য্যসূচী অনুসৰি পুৱাৰ ভাগত সামূহিক চাফাই অভিযানৰ পিছতে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন পেগুৱে৷ইয়াৰ পিছতে পুৱা ৯-৩০ বজাত স্মৃতি তৰ্পণ কৰে বিদ্যালয়ৰ উপাধ্যক্ষ তথা ছাত্ৰ একতা সভাৰ সভাপতি প্ৰদীপকুমাৰ পেগুদেৱে৷ পুৱা ১০ বজাত প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে প্ৰাক্তন উপাধ্যক্ষ মুহীকুমাৰ গোপিতে৷দিনৰ ১১ বজাত ছাত্ৰছাত্ৰী সকলৰ দ্বাৰা পৰিবেশিত এটি বৰগীতেৰে শুভাৰম্ভ হোৱা মুকলি সভাখন উদ্বোধন কৰে বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন পেগুৱে৷
ইয়াৰ পিছতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেবেন্দ্ৰ পেগুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে বেংক বিষয়া তথা প্ৰকৃতিবিদ দেৱজিৎ ফুকনে অংশগ্ৰহণ কৰি ছাত্ৰছাত্ৰী সকলক এজোপা গছৰ লগত তুলনা কৰি কয় যে গছজোপা যেনেকৈ গুটিৰ পৰা আৰম্ভ কৰি এজোপা বৃক্ষ গছ হৈ লাখ লাখ গুটি চৰাইচিৰিকটিয়ে খায় আৰু আমাক ছাঁ উপৰিও গেছ দিয়ে৷ ঠিক তেনেকৈ মাতৃ হ'ল আমাৰ প্ৰথম শিক্ষক, কাৰণ মাতৃয়ে আমাক ডাঙৰ-দীঘল কৰিছে। তাৰ পাছতহে আমাক বিদ্যালয়ত নাম লগাই দিছে।' তেওঁ লগতে আৰু ছাত্ৰ- ছাত্ৰীক উদ্দেশ্য কৰি কয় যে- "তোমালোকে মাতৃ আৰু শিক্ষকৰ উপদেশ সমূহ মানি আগবাঢ়ি গ'লে এদিন নিশ্চিতভাৱে সফল হ'বা।আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি প্ৰাক্তন ছাত্ৰ তথা অৱসৰ প্ৰাপ্ত বেংক বিষয়া ভূমিৰঞ্জন দলেই ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীৰ নিজা নিজা সপোন বাস্তৱত পৰিণত কৰি সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ আহ্বান জনায়। আৰু গুৱাহাটী পাৱলিক কলেজৰ অধ্যক্ষ মানবেন্দ্ৰ ভাগৱতীয়ে ছাত্ৰছাত্ৰী সকলক অধিক অধ্যয়নশীল কৰি জীৱনৰ নিজ নিজ সপোনক বাস্তৱ ৰূপ দিবলৈ আহ্বান জনায়৷ ইফালে নৱাগত আদৰণি সভাত বিদ্যালয়ৰ জেষ্ঠ শিক্ষক অশোক কুমাৰ দলেই আঁতধৰা সভাখনত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা প্ৰায় ২৫ গৰাকী ছাত্ৰছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ প্ৰতি বছৰৰ দৰে এইবছৰো মানবেন্দ্ৰ ভাগৱতীয়ে পিতৃৰ নামত “যোগেন্দ্ৰনাথ ভাগৱতী স্মাৰক ন্যাস বঁটা” তৰফৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্ব্বোচ্চ নম্বৰ পোৱা অমৰ দলেক নগদ দহ হাজাৰ চেক আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী ঋতুপৰ্ণা সন্দিকৈয়েও সমাজতত্ব বিষয়ত সৰ্ব্বোচ্চ নম্বৰ লাভৰ কাৰণে সম্বৰ্ধনা জনোৱা হয়৷ “দকলত মানসিং ন্যাস” নামেৰে ভুমিৰঞ্জন দলেৰ লগতে পৰিয়ালবৰ্গই প্ৰতি বছৰৰ দৰে এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ সৰ্ব্বোচ্চ নম্বৰ পোৱা ত্ৰিভাৰাণী লাগাছুক নগদ পাঁচ হাজাৰ টকা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন পেগুৱে গণিত বিষয়ত সৰ্ব্বোচ্চ নম্বৰ লাভৰ বাবে কিতাপৰ টোপোলা আগবঢ়াই৷ ২০২২ বৰ্ষৰ “ প্ৰতিভা সন্ধ্যানী ” সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱাা পৰীক্ষাত নৱম স্থান আৰু লখিমপুৰ জিলাৰ প্ৰথম স্থান পোৱা লীনা দলেক সম্বৰ্ধনা জনোৱা হয়৷ সভাত উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ উপ-সভাপতি নগেন্দ্ৰনাথ পেগু, মাতমৰা গাঁও পঞ্চায়তৰ সভাপতি শশীধৰ দাস,অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ মুহীকুমাৰ গোপিত,প্ৰাক্তন ছাত্ৰ মুনীন শৰ্মা,ছাত্ৰী ৰেণুপ্ৰভা ভাগৱতী,সাংবাদিক ঘনকান্ত দলে,মিচিং ছাত্ৰ সন্থা ঢকুৱাখনা জিলা সমিতিৰ সম্পাদক অমৰজিৎ দলে,ৰোহিত দলে আদিকে কৰি ভালে সংখ্যক ব্যক্তি উপস্থিতিত বিভিন্ন নৃত্যগীতেৰে সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰেৰে দিনটো জীপাল হৈ পৰে৷