ঢকুৱাখনাৰ নন্দিতা শইকীয়াৰ মৃত্যু দুবছৰ,ন্যায়ৰ অপেক্ষাত পিতৃ মাতৃৰ, মুখ্যমন্ত্ৰীক সহায় আহ্বান।

২০২১চনৰ ২১আগষ্টত ধেমাজি চহৰৰ মাজ মজিয়াত ঘাটক ৰূপী ভণ্ড প্ৰেমিকৰ দা'ৰ আক্ৰমণত আহত হৈ ছটফটাইছিল ধেমাজিৰ মৰিঢল কলেজৰ ছাত্ৰী ঢকুৱাখনা নৱ কাঠৰবাৰী গাওঁৰ নন্দিতা শইকীয়াই আৰু দুই আত্মীয়ই।

ভণ্ড প্রেমিক ৰন্টু শৰ্মাৰ উপযুপৰি দা'ৰ ঘাপত আঁহত হৈ ৪দিন মৃত্যুৰে যুঁজি ২৫আগষ্টত নিয়তিৰ ওচৰত হাৰ মানিছিল কুৰি বছৰীয়া নন্দিতাই।

ৰাজ্য কঁপাই যোৱা উক্ত ঘটনাৰে জড়িত ঘাটক ৰন্টু শৰ্মাৰ ফাঁচীৰ দাবীত ৰাজপথ উত্তাল কৰিছিল ৰাজ্যৰ বিভিন্ন দল সংগঠনে।নন্দিতাক ন্যায় দিয়ক,ৰন্টু শৰ্মাক ফাঁচী দিয়ক ,নন্দিতা হত্যাৰ বিচাৰ লাগে,ফাষ্টটেক আদালতত বিচাৰ কৰি দুখিক শাস্তিৰ দাবীত ৰাজপথত ধৰ্ণা দিছিল বিভিন্ন দল সংগঠনৰ লগতে মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীয়ে।ইমানৰ পিছতো দুটা বছৰে ন্যায় নাপালে নন্দিতাৰ পিতৃ মাতৃ আৰু আত্মীয়ই।

আইনৰ প্ৰতিযেই যেন আস্থা হেৰুৱাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।সেয়েহে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে নন্দিতা পিতৃ মাতৃয়ে"মুখ্যমন্ত্ৰী মহোদয় আমাক ন্যায় দিয়ক" ।

আজি নন্দিতাৰ দুবছৰীয়া মৃত্যু তিথিত মুখ্যমন্ত্ৰীক জনাইছে এই আহ্বান ।

ন্যায় পাবনে নন্দিতাৰ পৰিয়ালে ? শাস্তি হবনে ঘাটক ৰূপী ভণ্ড প্রেমিকৰ ?