দেশৰ স্বাধীনতাৰ গৌৰৱোজ্জ্বল জয়ন্তী উপলক্ষে দেশৰ স্বাধীনতা সংগ্ৰামৰ মহান সেনানী, নিষ্ঠাৱান কর্মী আৰু চিৰস্মৰণীয় বিশ্বনাথ জিলাৰ তিনিগৰাকী মুক্তিযোদ্ধাৰ লগতে ২৪ গৰাকী প্ৰয়াত মুক্তিযোদ্ধাৰ সহধৰ্মিনীক আজি ঘৰে ঘৰে গৈ বিশ্বনাথ জিলা প্ৰশাসনে দেশৰ স্বাধীনতাৰ মহাৰজত জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ মহান ত্যাগৰ বাবে সম্বৰ্ধনা জনালে। এখন সম্বৰ্ধনা পত্ৰ, চেলেং, গামোচা আৰু এটা স্মাৰক (Momentous) প্ৰদান কৰা হয়। বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা দায়িত্ব প্ৰদান কৰা ১১ গৰাকী বিষয়াৰ নেতৃত্বত পৃথকে পৃথকে সম্বৰ্ধনা জনোৱা মুক্তিযোদ্ধাসকল হৈছে- নাগশংকৰ চমাৰদলনিৰ হৰিপ্ৰসাদ মিশ্ৰ, গহপুৰৰ মাজিকুছিৰ অনুৰাম বৰুৱা আৰু বিহালী ৰৌমাৰীৰ গংগাৰাম বৰুৱা। আনহাতে আজি সম্বৰ্দ্ধিত প্ৰয়াত ২৪ গৰাকী মুক্তিযোদ্ধাৰ সহধৰ্মিনী কেইগৰাকী হৈছে - পানীভড়ালৰ প্ৰয়াত মুক্তিযোদ্ধা মোলান হাজৰিকাৰ সহধৰ্মিনী জোনাকী হাজৰিকা, 

প্ৰয়াত মুক্তিযোদ্ধা প্ৰভাত বৰুৱাৰ সহধৰ্মিনী বীনা বৰুৱা, 

প্ৰয়াত মুক্তিযোদ্ধা ভূবন বৰুৱাৰ সহধৰ্মিনী হেমী বৰুৱা, 

বিশ্বনাথৰ প্ৰয়াত মুক্তিযোদ্ধা কুমুদ চন্দ্ৰ বৰুৱাৰ সহধৰ্মিনী কিৰন বৰুৱা, প্ৰয়াত মুক্তিযোদ্ধা থুলেশ্বৰ হাজৰিকাৰ সহধৰ্মিনী স্বৰ্ণলতা হাজৰিকা, মুক্তিযোদ্ধা প্ৰয়াত তীৰ্থেশ্বৰ শৰ্মাৰ সহধৰ্মিনী ইন্দিৰা দেৱী, নপমুৱা (চাৰিখেলীয়া)ৰ প্ৰয়াত মুক্তিযোদ্ধা থানেশ্বৰ বৰুৱাৰ সহধৰ্মিনী নীৰদা বৰুৱা, 

বামগাঁও (হাটখোলা)ৰ প্ৰয়াত মুক্তিযোদ্ধা উমাকান্ত শৰ্মাৰ সহধৰ্মিনী নিৰ্মলা দেৱী,  

কোছগাওঁ(সূৰ্য্যপুৰ)ৰ প্ৰয়াত মুক্তিযোদ্ধা বিপিন হাজৰিকাৰ সহধৰ্মিনী নিলীমা হাজৰিকা,

লেহুগাঁও(দগাঁও)ৰ প্ৰয়াত মুক্তিযোদ্ধা ললিত শইকীয়াৰ সহধৰ্মিনী দীনেশ্বৰী শইকীয়া,

নাগশংকৰ শলাল গাঁৱৰ প্ৰয়াত মুক্তিযোদ্ধা চেনীধৰ দাসৰ সহধৰ্মিনী যোগেশ্বৰী দাস,

প্ৰয়াত মুক্তিযোদ্ধা প্ৰভাত শইকীয়াৰ সহধৰ্মিনী পূণ্যপ্ৰভা শইকীয়া, চতিয়া কছাৰী গাৱঁৰ প্ৰয়াত মুক্তিযোদ্ধা গুণধৰ হাজৰিকাৰ সহধৰ্মিনী ৰামেশ্বৰী হাজৰিকা, তেৱাৰীপালৰ প্ৰয়াত মুক্তিযোদ্ধা মুক্তি উপাধ্যায়ৰ সহধৰ্মিনী মিথিলা দেৱী, হালধিআতীৰ প্ৰয়াত মুক্তিযোদ্ধা তুলসী গোস্বামীৰ সহধৰ্মিনী তগৰ গোস্বামী,

মুদৈ গাঁৱৰ প্ৰয়াত মুক্তিযোদ্ধা পৰমা বৰুৱাৰ সহধৰ্মিনী মাইকন বৰুৱা, নগঞা বৰুৱা চুকৰ প্ৰয়াত মুক্তিযোদ্ধা দেবেন্দ্ৰনাথ বৰুৱাৰ সহধৰ্মিনী ৰেনুবালা বৰুৱা, নাগশংকৰ পুৰনিতেলীয়াৰ প্ৰয়াত মুক্তিযোদ্ধা চন্দ্ৰ ভূঞাৰ সহধৰ্মিনী বকুলী ভুঞা,

শলাল গাঁৱৰ প্ৰয়াত মুক্তিযোদ্ধা দুলাল ভৰালীৰ সহধৰ্মিনী বিজয়া ভৰালী, বেদেতী বৰালীমৰাৰ প্ৰয়াত মুক্তিযোদ্ধা মনেশ্বৰ দুৱৰাৰ সহধৰ্মিনী লক্ষেশ্বৰী দুৱৰা, বেদেতীগুৰিৰ প্ৰয়াত মুক্তিযোদ্ধা ঘিমৌ বৰাৰ সহধৰ্মিনী ৰূপেশ্বৰী বৰা, কুঁহিয়াৰবাৰী নেপালীৰ প্ৰয়াত মুক্তিযোদ্ধা নন্দিৰাম বৰাৰ সহধৰ্মিনী অকন বৰা গহপুৰ মাগনী কছাৰীৰ প্ৰয়াত মুক্তিযোদ্ধা ভোগেশ্বৰ দাসৰ সহধৰ্মিনী মাইচেনী দাস আৰু 

বৰঙাবাৰী (টেলীয়াচুক)ৰ প্ৰয়াত মুক্তিযোদ্ধা নন্দেশ্বৰ চাংমাইৰ সহধৰ্মিনী বগী চাংমাই। আজিৰ এই ব্যতিক্ৰমী কাৰ্যসুচীত নেতৃত্ব দিয়া জিলা প্ৰশাসনৰ বিষয়া সকল আছিল ক্ৰমে বিশ্বনাথৰ চক্ৰ বিষয়া প্ৰাঞ্জল দাস, হেলেমৰ চক্ৰ বিষয়া লুকুমনি বৰা, বিশ্বনাথ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মাধুৰ্য্য পৰাশৰ, নদুৱাৰৰ চক্ৰ বিষয়া আকাশদ্বীপ কাকতি, বিশ্বনাথৰ চক্ৰ বিষয়া(সংলগ্ন) এলিনা কান্দুলানা, নদুৱাৰৰ চক্ৰ বিষয়া(সংলগ্ন) মন্টুচ্ চক্ৰৱৰ্তী, গহপুৰৰ চক্ৰ বিষয়া মনীষ ভৰালী, বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দেবানন্দ নাথ, বাঘমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাজীব বৰা, সাকোমঠা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৌতম শৰ্মা আৰু চতিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পল্লব কুমাৰ শৰ্মা।